নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ :গুজৰাটৰ আহমদাবাদ বিশ্ববিদ্যালয়ৰ ১১ সংখ্যক সমাৱৰ্তন সভা শনিবাৰে অনুষ্ঠিত হয় (11th Annual convocation of Ahmedabad University) । অনলাইন মাধ্যমত অনুষ্ঠিত সমাৱৰ্তন সভাৰ মুখ্য অতিথি আছিল নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জী । এই অনুষ্ঠানতে ভাৰতৰ অৰ্থনীতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে অৰ্থনীতিবিদগৰাকীয়ে (Abhijit Banerjee expresses concern about India's economy)।
তেওঁৰ মতে দেশবাসী এতিয়াও চৰম হতাশাত ভুগি আছে । কাৰণ দেশৰ অৰ্থনীতি এতিয়া ২০১৯ চনৰ তুলনাত বহু তলত আছে (Indian economy is still below the 2019 levels) । তেওঁ শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণ কৰিছিল । সেই সময়ৰ তেওঁৰ অভিজ্ঞতা সম্পৰ্কে শিক্ষাৰ্থীসকলক অৱগত কৰে ।
তেওঁৰ মতে মানুহৰ আশা আকাংক্ষাবোৰো পূৰ্বৰ দৰে নাই । বহুতৰে ডাঙৰ সপোনবোৰ ভাগি যোৱাৰ পাছত এতিয়া সৰু সৰু সপোন দেখিবলৈ আৰম্ভ কৰিছে । অৱশ্যে তেওঁ ইয়াৰ বাবে কাকো দোষাৰোপ কৰা নাই ।
দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ বিষয়ে কোৱাৰ লগতে অৰ্থনীতিবিদগৰাকীয়ে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্পৰ্কেও বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । শিক্ষাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰৰ পথ বাচনি কৰাৰ ক্ষেত্ৰত পৰিয়াল বা সমাজৰ চাপৰ সন্মুখীন নহ'বলৈ আহ্বান জনায় অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে । শিক্ষাৰ্থীসকলে জীৱনত যি কৰিব বিচাৰে সেয়া সাহসেৰে কৰিবলৈও তেওঁ আহ্বান জনায় ।