আগৰতলা, ১৭ ডিচেম্বৰ :১৮ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ত্ৰিপুৰা ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে আৰু সমগ্ৰ ৰাজ্যতে বিএছএফক সতৰ্ক কৰি দিছে (PM Narendra Modi Tripura visit) । শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক শংকৰ দেৱনাথে কয় যে আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ৰাজ্যজুৰি পৰ্যাপ্তসংখ্যক আৰক্ষী আৰু অন্যান্য বাহিনী মোতায়েন কৰা হ'ব (law and order situation of Tripura) ।
"বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত স্থলপথেৰে উপস্থিত হ'ব (PM Modi at Swami Vivekananda Maidan Agartala) । যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত বাহিনী মোতায়েন কৰা হ'ব । কেৱল পশ্চিম জিলাতে নহয়, সমগ্ৰ ৰাজ্যতে আমি নিৰাপত্তা বৃদ্ধি কৰিছোঁ । আমি বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহকো সতৰ্ক কৰি দিছোঁ । প্ৰতিদিনে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফ আৰু আৰক্ষীৰ যুটীয়া টহল চলি আছে (Indo Bangladesh international border) । বিবেকানন্দ ময়দানো চিচি টিভি আৰু নিৰাপত্তা বেষ্টনীৰে আৱৰি আছে ।" আৰক্ষী অধীক্ষকগৰাকীয়ে কয় । দেৱনাথে লগতে জনায় যে আগৰতলা চহৰতো আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ ফ্লেগ মাৰ্চ (flag march) চলাই আছে আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই আছে ।