অসম

assam

ETV Bharat / bharat

PM Modi's visit to Hyderabad: অধিক কটকটীয়া কৰা হৈছে হায়দৰাবাদৰ নিৰাপত্তা ব্যৱস্থা - কটকটীয়া কৰা হৈছে হায়দৰাবাদৰ নিৰাপত্তা ব্যৱস্থা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হায়দৰাবাদ আৰক্ষীয়ে অধিক কটকটীয়া কৰি তুলিছে মহানগৰখনৰ নিৰাপত্তা ব্যৱস্থা (Telangana police making tight security arrangements) ৷ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ বাবেই মহানগৰখনত প্ৰায় ২,৫০০ অতিৰিক্ত আৰক্ষী জোৱান মোতায়েন কৰা হ’ব ।

Tight security for PM Modis visit to Hyderabad
PM Modi's visit to Hyderabad: অধিক কটকটীয়া কৰা হৈছে হায়দৰাবাদৰ নিৰাপত্তা ব্যৱস্থা

By

Published : May 25, 2022, 9:09 AM IST

নেশ্যনেল ডেস্ক, 25 মে’:প্ৰধানমন্ত্ৰী মোডীয়ে হায়দৰাবাদস্থিত ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজিত উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ২০২২ বৰ্ষৰ স্নাতকোত্তৰ কাৰ্যসূচী শ্ৰেণীৰ স্নাতক সমাৰোহত ভাষণ প্ৰদান কৰিব (Graduation ceremony of Post Graduate Programme class) ।

এই অনুষ্ঠানটোত আইএছবিৰ হায়দৰাবাদ আৰু মোহালি কেম্পাছৰ প্ৰায় ৯০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

প্ৰধানমন্ত্ৰীৰ হায়দৰাবাদ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,৫০০ আৰক্ষী জোৱান মোতায়েন কৰা হ'ব আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই থকা হৈছে, আৰক্ষীৰ এক সূত্ৰই সংবাদ প্ৰতিস্থান পিটিআইক জনাইছে এই তথ্য (Telangana police making tight security arrangements) ।

আৰক্ষীয়ে গ্ৰহণ কৰিব লোৱা এই সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আইএছবিৰ শিক্ষাৰ্থীসকলৰ সবিশেষ সংগ্ৰহ কৰি থকাৰ প্ৰতিবেদনৰ ওপৰত কৰা প্ৰশ্নৰ উত্তৰত সূত্ৰটোৱে জনালে, অনুষ্ঠানটোত উপস্থিত থাকিব লগীয়া সকলোৰে বিতং পৰীক্ষা কৰি থকা হৈছে (Police were collecting details of ISB students) ।

"আমি সেই লোকসকলৰ সবিশেষ পৰীক্ষা কৰি আছো যিসকল লোক প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানটোত থাকিব । কেৱল শিক্ষাৰ্থীয়ে নহয়, অন্যান্য বিষয়া কৰ্মচাৰীৰো একে ধৰণেৰে পৰীক্ষা কৰি থকা হৈছে । এইয়া মাথো শিক্ষাৰ্থীসকলৰ লগতে নহয়, অনুষ্ঠানটোত উপস্থিত থাকিব লগা সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ’ব," সূত্ৰটোৱে জনালে এইদৰে।

ইয়াৰোপৰি একাংশ শিক্ষাৰ্থীৰ ছ'চিয়েল মিডিয়া একাউণ্ট আৰু অনলাইন পোষ্টসমূহ তদাৰক কৰি থকাৰ খবৰৰ ওপৰত সূত্ৰটোৱে কলে, " সবিশেষ পৰীক্ষাৰ অংশ হিচাপে যিখিনি কৰাৰ প্ৰয়োজন, সেইয়া সকলো কৰা হৈছে।"

শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদত থকা লোকসকলো পূৰ্বৱৰ্তী পৰীক্ষা নিৰিক্ষা সকলো কৰা হৈছে, যাতে যিকোনো অচিনাকি লোকক হঠাতে চিনাক্ত কৰিব পৰা যায়, আৰক্ষীৰ সূত্ৰটেৱে জনালে এইদৰে ।

ইফালে, আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি আইএছবি চৌহদ, গাচিবাউলিকে ধৰি ইয়াৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰা সমগ্ৰ অঞ্চলটোত ৰিম’টৰ দ্বাৰা নিয়ন্ত্ৰিত ড্ৰোন, মাইক্ৰ'লাইট এয়াৰক্ৰাফ্ট, পেৰা-গ্লাইডাৰ আদিৰ কোনো উৰণ কাৰ্যকলাপ অনুমোদিত নহ'ব আৰু ২৫ মে'ৰ নিশা ১২ বজাৰ পৰা ২৬ মে'ৰ সন্ধিয়া ৬ বজালৈ এই নিৰ্দেশ বলবৎ থাকিব ।

লগতে পঢ়ক:হায়দৰাবাদত ISB ৰ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে: মোদীক আদৰণি নজনোৱাৰ সিদ্ধান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details