নিউজ ডেস্ক, 25 আগষ্ট: জম্মু-কাশ্মীৰৰ উৰিৰ কমলকোটে খণ্ডৰ মদিয়ান নানাক চকীৰ সমীপত সেনা-আৰক্ষীৰ অভিযান ৷ ভাৰতীয় সেনা আৰু বাৰামুলা আৰক্ষীয়ে তিনিজন অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰা বুলি বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে (Three infiltrators neutralized in Uri)। সূত্ৰই জনোৱা মতে, সীমান্ত অঞ্চলত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সফল হৈছে নিৰাপত্তা বাহিনী (Infiltrators neutralized in Uri) । তেওঁলোকে লগতে কয় যে, তিনিওজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।
শেহতীয়াকৈ জম্মুৰ ৰাজৌৰী অঞ্চলত একাধিক অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ কিছুদিন পিছতে এই কাণ্ড সংঘটিত হৈছে (Jammu Kashmir news) ৷ এই ঘটনাক “দেশৰ সীমা অতিক্ৰম কৰি শান্তি বিঘ্নিত কৰাৰ প্ৰত্যক্ষ প্ৰচেষ্টা” বুলি সেনাই অভিহিত কৰিছে । ৰাজৌৰী জিলাৰ নৌশ্বেৰা খণ্ডত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত ভাৰতীয় সেনাই অনুপ্ৰৱেশৰ এক প্ৰচেষ্টা বিফল কৰে । এই অভিযানত সেনাই দুজন অনুপ্ৰৱেশকাৰীক হত্যা কৰাৰ লগতে এজনক জীৱন্তে বন্দী কৰাৰ দাবী কৰিছে ।
সঁচাকৈয়ে অনুপ্ৰৱেশ কমিছেনে ?
উল্লেখযোগ্য যে, কেন্দ্ৰই চলিত বৰ্ষৰ আৰম্ভণিতে সংসদত কৈছিল যে জম্মু-কাশ্মীৰত ২০১৮ চনৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ যথেষ্ট হ্ৰাস পাইছে (Infiltration in Indo Pak border) ৷ ২০১৮ৰ পৰা ২০২১ চনৰ ভিতৰত সীমান্তত আনুমানিক ৩৬৬টা অনুপ্ৰৱেশৰ বাতৰি পোৱা গৈছে । লোকসভাৰ সাংসদ ৰঞ্জনবেন ধনঞ্জয় ভাট্টৰ প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে (Infiltration to India from Pakistan)।