নেশ্যনেল ডেস্ক, ১২ আগষ্ট : গুজৰাটৰ এগৰাকী আৰ্কিটেকৰ নতুন উদ্ভাৱন । আগন্তুক ৰাখী বন্ধনৰ (Raksha Bandhan) বাবে ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছে এবিধ বিশেষ ৰাখী । আৰ্কিটেক আয়ুশী দেশাইয়ে কিউ আৰ কোড (QR code) ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে বিশেষ ৰাখীটো । ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে যিহেতু সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে ।
সেয়ে ব্যক্তিগৰাকীয়ে নিৰ্মাণ কৰিছে এই কিউ আৰ কোড সম্মলিত ৰাখী । ভাতৃসকলক ৰাখী বন্ধনৰ শুভেচ্ছা জনোৱাৰ এক নতুন ধাৰণা । এক প্ৰকাৰ ডিজিটেল ৰূপ দিয়া হৈছে ৰাখীটোক । কিন্তু বিশেষত্ব কি এই ৰাখীৰ ।
QR code সম্মলিত এই ৰাখীটো ম'বাইল অথবা কম্পিউটাৰত স্কেন কৰিলে ভাতৃসকলক এক বিশেষ বাৰ্তা দিব অথবা ভগ্নীয়ে ভাতৃলৈ উৎসৰ্গিত কৰা এটা গান বাজি উঠিব । আয়ুশীয়ে জনোৱা মতে বৰ্তমান বিভিন্ন অনলাইন পৰিশোধ (Online payment) অথবা প্ৰতিষেধক প্ৰমাণপত্ৰ বিচাৰিবলৈ এই কিউ আৰ কোড ব্যৱহাৰ কৰা হয় । ডিজিটেল যুগত কিউ আৰ কোড অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে ।