বতৰ পৰিৱৰ্তনৰ লগে লগে মানুহে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’বলৈ আৰম্ভ কৰে । বিশেষকৈ চিকিৎসাজনিত সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । ডায়েবেটিছ এনেকুৱা এটা সমস্যা, য’ত মানুহে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’বলগীয়া হয় । বতৰৰ পৰিৱৰ্তনৰ লগে লগে ডায়েবেটিছ ৰোগীৰ খাদ্যাভ্যাসতো পৰিৱৰ্তন ঘটে ।
কিছুদিনৰ পিচত আগমন ঘটিব বাৰিষাকালৰ । এই সময়ছোৱাৰ লগে লগে বজাৰত বহুতো নতুন ফল-মূল উপলব্ধ হ’বলৈ আৰম্ভ কৰে । গতিকে যদি আপুনি বা আপোনাৰ ওচৰ-চুবুৰীয়া কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে আজি আমি আপোনাক এনে পাঁচবিধ বাৰিষাকালৰ ফলৰ বিষয়ে ক’ম, যিবোৰ আপুনি কোনো ভয় নোহোৱাকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।
নৰা বগৰী
গ্লাইচেমিক ইনডেক্স কম থকা নৰা বগৰী সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰীও । ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি কম, যাৰ বাবে ডায়েবেটিছ ৰোগীয়ে ইয়াক সহজেই খাদ্যৰ অংশ হিচাবে গঢ়ি তুলিব পাৰে । লগতে কম কেলৰিযুক্ত ফল হোৱাৰ বাবে কোনো চিন্তা নকৰাকৈ খাব পাৰে ।
নাচপতি
আঁহযুক্ত নাচপতি ডায়েবেটিছ ৰোগীৰ বাবেও এক উত্তম ফল । গ্লাইচেমিক সূচকাংক কম হোৱাৰ বাবে নাচপতি ডায়েবেটিছ ৰোগীৰ বাবে এক উত্তম বিকল্প । কেৱল এয়াই নহয়, ওজন নিয়ন্ত্ৰণতো ই অতি সহায়ক। ইয়াৰ লগতে নাচপতি খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পোৱা যায় । এইদৰে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি নাচপতিৰ প্ৰাকৃতিক মিঠা উপভোগ কৰিব পাৰিব ।