অসম

assam

By

Published : Apr 5, 2023, 11:03 AM IST

ETV Bharat / bharat

Summers Diet: গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য

গ্ৰীষ্মকালত হিটষ্ট্ৰ’কৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত বহু ৰোগৰ আশংকা বাঢ়ি যায় । ইয়াৰে এটা হ’ল হিট ষ্ট্ৰ’ক । ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত লওক বিশেষ যত্ন ।

These 5 foods to eat to prevent heat stroke
গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য

গৰমৰ বতৰ আহি পালেহি । ৰ'দৰ উত্তাপ তথা গৰমৰ বাবে মানুহে প্ৰায়ে এলেহুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে, লগতে অসুস্থ হৈ পৰে । আচলতে শৰীৰত পানীৰ অভাৱৰ বাবেই আমি এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়(These 5 foods to eat to prevent heat stroke)। এনে পৰিস্থিতিত হিট ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ এনে কিছুমান খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, যিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু এই বতৰত ফিট হৈ থকাত আপোনাক সহায় কৰে(What are 5 ways to prevent heat stroke)। এই খাদ্যসমূহৰ বিষয়ে জানো আহক-

১) পদিনা খাব

সতেজ পদিনা পাত খালে হিট ষ্ট্ৰ’কৰ পৰা সকাহ পাব পাৰি(Summer healthy food)। ইয়াত থকা মেন্থলে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে । ইয়াৰ লগতে হিট ষ্ট্ৰ’কৰো প্ৰতিৰোধ কৰা হয় ।

২) কিউি খাব লাগে

এক প্ৰতিবেদন অনুসৰি নিয়মীয়াকৈ কিউি সেৱন কৰিলে শৰীৰত পানীৰ অভাৱ দূৰ হ’ব পাৰে(What foods help with heat stroke)। ইয়াত থকা পটাছিয়ামে হিট ষ্ট্ৰ’কৰ পৰা সকাহ দিয়াত সহায় কৰে(What foods should you avoid in the heat)।

৩) আম খাওক

সাধাৰণ স্বাস্থ্যৰ বাবে ই এক আশীৰ্বাদতকৈ কম নহয় । ইয়াত প্ৰ’টিন, ভিটামিন A, B6, C, আইৰণ, ফ’লেট, মেগনেছিয়াম, ৰাইব’ফ্লেভিন আৰু ডায়েটাৰী ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে । গ্ৰীষ্মকালৰ বাবে ইয়াক ছুপাৰফুড বুলি গণ্য কৰা হয় । যদি আপুনি হিটষ্ট্ৰক এৰাই চলিব বিচাৰে তেন্তে আম খাব(What can you eat or drink to prevent heat stroke)।

৪) প্ৰচুৰ পৰিমাণে তিয়ঁহ খাব লাগে

জুইকুৰাৰ গৰমত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ নিশ্চিতভাৱে তিয়ঁহ খাব লাগে । তিয়ঁহ পুষ্টিকৰ উপাদানৰ ভঁৰাল, ইয়াত ভিটামিন-C, ভিটামিন-K, পটাছিয়াম আৰু মেংগানিজৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় । যিয়ে গ্ৰীষ্মকালত ফিট হৈ থাকিবলৈ সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পানীৰে সমৃদ্ধ ঋতুভিত্তিক খাদ্য আছে যিয়ে শৰীৰক হাইড্ৰেট কৰি ৰখাই নহয়, হজম শক্তিও বৃদ্ধি কৰে ।

৫) বেলৰ চৰবটে দিব সকাহ

বেলৰ চৰবটত প্ৰচুৰ পৰিমাণে আঁহ থাকে, ই হজম শক্তি উন্নত কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে । ইয়াৰ উপৰিও ইয়াত থকা এন্টি-অক্সিডেন্ট গুণ আৰু ভিটামিন-C ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক ।

লগতে পঢ়ক:Male Fertility: বৈবাহিক জীৱন সুখী কৰিবলৈ পুৰুষে গ্ৰহণ কৰক এই ৫ বিধ খাদ্য

ABOUT THE AUTHOR

...view details