ইনফ্লুৱেঞ্জা হৈছে ভাইৰাছৰ সংক্ৰমণ (Viral Infection) যিয়ে আপোনাৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰ যেনে আপোনাৰ নাক, ডিঙি আৰু হাওঁফাওঁক আক্ৰমণ কৰে (Respiratory System)। এই ৰোগক সাধাৰণতে ফ্লু বুলি কোৱা হয়, বেছিভাগ মানুহৰে ফ্লু নিজে নিজে ভাল হয় । কিন্তু কেতিয়াবা, ইনফ্লুৱেঞ্জা আৰু ইয়াৰ জটিলতাই মাৰাত্মক হ’ব পাৰে, গতিকে এই পৰিৱৰ্তিত বতৰত ফ্লুৰ লক্ষণসমূহ চিনি পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, নহ’লে আপোনাৰ স্বাস্থ্যৰ বহুত ক্ষতি হ’ব পাৰে । এই ৰোগৰ কি কি লক্ষণ আছে জানো আহক-
ফ্লুৰ লক্ষণ
১/ মূৰৰ বিষ (Headache)
ফ্লুৰ প্ৰথম লক্ষণ হ’ব পাৰে তীব্ৰ মূৰৰ বিষ । বহু সময়ত পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীল হৈ পৰে আৰু তাৰ পিছত মূৰৰ বিষ বাঢ়িবলৈ আৰম্ভ কৰে । এনে লক্ষণসমূহ তৎক্ষণাত চিনাক্ত কৰি চিকিৎসা গ্ৰহণ কৰক কাৰণ মূৰৰ বিষক সহজভাৱে লোৱাটো বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ।
২/ জ্বৰ (Fever)
ফ্লুৰ বাবে জ্বৰ হোৱাটো অনিবাৰ্য (Influenza)। ইয়াত শৰীৰৰ উষ্ণতা প্ৰায় ১০০ ডিগ্ৰী (৩৭.৮ ডিগ্ৰী চেলছিয়াছ)ৰ পৰা ১০৪ ডিগ্ৰী (৪০ ডিগ্ৰী চেলছিয়াছ)লৈকে উচ্চ মাত্ৰাত বৃদ্ধি পাব পাৰে । চিন্তনীয় হ’লেও সৰু ল’ৰা-ছোৱালীৰ জ্বৰ প্ৰাপ্তবয়স্কতকৈ বেছি হোৱাটো অস্বাভাৱিক নহয় । যদি আপোনাৰ সন্তানৰ ফ্লু হৈছে বুলি কোনো সন্দেহ আছে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক । এই ধৰণৰ জ্বৰ সাধাৰণতে ৩ৰ পৰা ৪ দিনত আৰোগ্য হয় ।