অসম

assam

ETV Bharat / bharat

ক'ভিড আক্ৰান্ত শিশুৰ বাবে ৰাঁচীৰ চিকিৎসালয়ত পৃথক ৱাৰ্ড স্থাপন - covid 3rd wave

কৰ'ণা ভাইৰাছৰ সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি চলাইছে ঝাৰখণ্ড চৰকাৰে । আগতীয়া প্ৰস্তুতিৰ অংশ হিচাপে ক'ভিড-১৯ ত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ৰাঁচীৰ জিলা চিকিৎসালয়ত এটা পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে ।

The district hospital of Ranchi has established a separate ward for children infected with COVID 19
ক'ভিড আক্ৰান্ত শিশুৰ বাবে ৰাঁচীৰ জিলা চিকিৎসালয়ত পৃথক ৱাৰ্ড স্থাপন

By

Published : Jun 26, 2021, 6:57 PM IST

নেশ্যনেল ডেস্ক, ২৬ জুন: বৰ্তমানেও সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত আছে । কেইবামাহো ধৰি মহামাৰীৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত এতিয়া তুলনামূলকভাৱে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও ভয়াৱহতা আঁতৰ হোৱা নাই । কিয়নো কৰ'ণা ভাইৰাছৰ তৃতীয় ঢৌৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । পূৰ্বৰে পৰা যাৱতীয় প্ৰস্তুতি নচলালে পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ সম্ভাৱনা অধিক ।

সেয়ে ঝাৰখণ্ড চৰকাৰে সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি চলাইছে । ৰাঁচীৰ জিলা চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে এটা পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে । চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ এছ মণ্ডলে জনোৱা মতে, তৃতীয় ঢৌৰ সময়ত শিশুসকলে অধিক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে আগতীয়াকৈ পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে ।

২০ খন বিচনাযুক্ত পেডিয়াট্ৰিক ইণ্টেঞ্চ কেয়াৰ ইউনিট (ICU) ৱাৰ্ড আৰু উচ্চ নিৰ্ভৰশীলতা গোট (HDU) স্থাপন কৰা হৈছে বুলি উপ অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । ঔষধ আৰু ভেণ্টিলেটৰৰ দৰে অন্যান্য সঁজুলি ইতিমধ্যে চিকিৎসালয়ত আহি পাইছে ৷ এতিয়া কেৱল সেই সঁজুলিবোৰ স্থাপন কৰিবলৈ বাকী আছে বুলি তেওঁ জানিবলৈ দিছে ।

মণ্ডলে লগতে কয় যে, "শিশুসকলক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে যাতে খেলিবলৈ বাহিৰলৈ নাযায় সেয়া নিশ্চিত কৰাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে । লগতে তেওঁ শিশুসকলক ঘৰতে থকাৰ পৰামৰ্শ দিয়ে । তেওঁ লগতে কয় যে, যিহেতু শিশুসকলক এতিয়াও টীকাকৰণ কৰা হোৱা নাই ৷ সেয়েহে বিপদৰ আশংকা অধিক আৰু তেওঁলোকৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি এছ মণ্ডলে পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক: বিজন ধৰৰ বিৰুদ্ধে চলা তদন্ত ৪ সপ্তাহৰ বাবে স্থগিত

ABOUT THE AUTHOR

...view details