অসম

assam

ETV Bharat / bharat

দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰত কোন জড়িত? - কংগ্ৰেছ

লালকিল্লাত সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ আঁৰত আছে সন্ত্ৰাসবাদী,খালিস্তানী আৰু কংগ্ৰেছ ৷ কৃষকে এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে ৷ কৃষকৰ এনে কু-কাৰ্য ইতিহাসত নাই বুলি মন্তব্য কৰে কৰ্ণাটকৰ কৃষি মন্ত্ৰী বি চি পাটিলে ৷

Terrorists, Khalistanis, Congress behind Red Fort incident: Karnataka Minister
দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰত কোন জড়িত?

By

Published : Jan 27, 2021, 9:51 AM IST

Updated : Jan 27, 2021, 10:57 AM IST

নিউজ ডেস্ক,27 জানুৱাৰী:মংগলবাৰে দিল্লীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাচতে ক্ষোভিত হৈ পৰে দেশৰ একাংশ সচেতন নাগৰিক ৷ কৰ্ণাটকৰ কৃষি মন্ত্ৰী বি চি পাটিলে মংগলবাৰে কয় যে,দিল্লীৰ লালকিল্লাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ আঁৰত আছে সন্ত্ৰাসবাদী,কংগ্ৰেছ আৰু খালিস্তান৷ কৃষিমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,''এইটো কৃষক সকলৰ প্ৰতিবাদ যেন নালাগিল,এইটো সন্ত্ৰাসবাদীৰ দ্বাৰা কৰা এটা কাম আছিল। কৃষকসকলে পূৰ্বে আইন উলংঘনৰ কৰা কোনো কাম ইতিহাসত নাই ৷ সন্ত্ৰাসবাদী,খালিস্তানী আৰু কংগ্ৰেছ কৰ্মীসকল এই কাৰ্যৰ আঁৰত আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘৃণা কৰা লোকসকলে চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল আৰু হতাশ হৈছিল। যাৰ পৰিপেক্ষিতত এনে কাম কৰি আছে'' ৷

ইয়াৰ লগতে কৃষিমন্ত্ৰী গৰাকীয়ে কয় যে, ৰেড ফৰ্টৰ নিজা ইতিহাস আছে । এই স্থানত ত্ৰিৰংগা উত্তোলন কৰাটো এটা পৰম্পৰা । এজন কৃষকে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পতাকা উত্তোলন কৰিব পাৰে,কিন্তু তেওঁলোকে আজি যি কৰিছে সেয়া হৈছে এক সন্ত্ৰাসবাদী কাৰ্যকলাপ । এইবোৰ হৈছে একো-একোটা ক্ষোভ ৷ যি ক্ষোভে যিকোনো কাম কৰিব পাৰে, আনকি কৃষকৰ বেশত সীমান্তত সৈনিক সকলক আক্ৰমণ কৰিব পাৰে বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে । আৰক্ষীক আক্ৰমণ কৰা এই লোক সকল কৃষক নহয়, এওলোক কংগ্ৰেছী আৰু সন্ত্ৰাসবাদী । চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে পাটিলে ৷ ইফালে, কংগ্ৰেছ কৰ্মী সকলৰ লগতে দিল্লীৰ প্ৰতিবাদী কৃষক সকলক সন্ত্ৰাসবাদী বুলি অভিহিত কৰাৰ বাবে বেংগালুৰুৰ হাই গ্ৰাউণ্ড আৰক্ষী থানাত পাটিলৰ বিৰুদ্ধে এক ৰুজু কৰা হৈছে এক গোচৰ ৷

অন্য এক খবৰৰ বাবে: প্ৰতিবাদত উত্তপ্ত দিল্লী: আহত 86 গৰাকী আৰক্ষী

উল্লেখ্য যে,কৃষি আইনৰ বিৰুদ্ধে মংগলবাৰে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিশাল টেক্টৰ ৰেলীৰ আয়োজন কৰিছিল বহু হাজাৰ কৃষকে ৷ শান্তিপূৰ্ণ ভাৱে এই আন্দোলন কৰাৰ কথা আছিল যদিও প্ৰতিবাদকাৰী সকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰী সকলে বেৰিকেডৰ লগতে ৰাজহুৱা বহু সম্পত্তিও অনিষ্ট কৰে ৷ প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু কৃষক প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰো ৷ যাৰ ফলত মুঠ 86 গৰাকী আৰক্ষী কৰ্মী আহত হৈছিল ।

Last Updated : Jan 27, 2021, 10:57 AM IST

ABOUT THE AUTHOR

...view details