অসম

assam

By

Published : Jul 25, 2021, 9:22 PM IST

ETV Bharat / bharat

বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত তেলেংগানাৰ ৰামাপ্পা মন্দিৰ

তেলেংগানাৰ ৱাৰাংগলস্থিত ৰামাপ্পা মন্দিৰলৈ আগবঢ়োৱা হৈছে UNESCO ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি ৷ ইয়াৰ লগে লগে তেলেগু ৰাজ্যসমূহৰ ভিতৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিনাক্ত হোৱা প্ৰথমটো স্থাপত্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে ৰামাপ্পা মন্দিৰ ৷

telanganas-ramappa-temple-bags-unesco-heritage-tag
বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ল তেলেংগানাৰ ৰামাপ্পা মন্দিৰ

নেশ্যনেল ডেস্ক, 25 জুলাই : ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল তেলেংগানাৰ ৱাৰাংগলৰ ৰামাপ্পা মন্দিৰৰ ৷ দেওবাৰে ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰালয়ে জনাইছে এই কথা ৷ এই খবৰ বিয়পি পৰাৰ পাছতে ৱাৰাংগলৰ লগতে সমগ্ৰ তেলেংগানাৰে ভক্তপ্ৰাণ ৰাইজৰ মনত বৈছে আনন্দৰ বন্যা ৷ ইয়াৰ পাছতে তেলেংগানাবাসীক টুইটাৰযোগে অভিনন্দন জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

টুইটযোগে এই খবৰ ৰাজহুৱা কৰি কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ টুইটাৰৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে লিখিছে যে,"তেলেংগানাৰ ৱাৰাংগলৰ পালাম্পেটত থকা ৰামাপ্পা মন্দিৰক UNESCO ৰ বিশ্ব ঐতিহ্যৰ টেগ প্ৰদান কৰাত মই অত্যন্ত আনন্দিত ৷ ৰাষ্ট্ৰৰ হৈ বিশেষকৈ তেলেংগানাবাসীৰ হৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ নিৰ্দেশনা আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো" ৷ এই খবৰে স্বাভাৱিকতে আনন্দিত কৰিছে তেলেংগানাবাসীক ৷

উল্লেখ্য যে, এই সন্মান লাভ কৰাৰ পাছতে ৰামাপ্পা মন্দিৰ তেলেগু ৰাজ্যসমূহৰ ভিতৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিনাক্ত হোৱা প্ৰথমটো স্থাপত্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে ৷ সূত্ৰ অনুসৰি, চীনত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ চৰকাৰে 2019 চনত এই সন্মানৰ বাবে ৰামাপ্পা মন্দিৰক একমাত্ৰ মনোনয়ন হিচাপে প্ৰস্তাৱ দিছিল ৷

ইফালে এই কথা ঘোষণা হোৱাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ লগতে তেলেংগানাবাসীক অভিনন্দন জনায় ৷ লগতে টুইটাৰৰ জৰিয়তে তেওঁ উল্লেখ কৰে যে, "ত্ৰয়োদশ শতিকাতে প্ৰতিষ্ঠিত ৰামাপ্পা মন্দিৰে মহান কাকতীয়া ৰাজবংশৰ অসামান্য কাৰুশিল্পক প্ৰতিফলিত কৰে ৷ মই আপোনালোক সকলোকে এই ৰাজকীয় মন্দিৰ চৌহদ পৰিদৰ্শন কৰিবলৈ আৰু ইয়াৰ মহান কাৰুকাৰ্যৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ অনুৰোধ কৰিছো" ৷ ত্ৰয়োদশ শতিকাত নিৰ্মিত এই আশ্চৰ্যকৰ স্থাপত্যবিধৰ নাম মন্দিৰটো নিৰ্মাণ কৰা স্থাপত্য শিল্পী ৰামাপ্পাৰ নামেৰে ৰখা হৈছে ৷

লগতে পঢ়কঃদেশ প্ৰথম, সদায় আগত : নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details