নেশ্যনেল ডেস্ক, 30 এপ্ৰিল: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ ৰেপিড এণ্টিজেন আৰু আৰটি-পিচিআৰ পৰীক্ষাই মিশ্ৰিত ফলাফল প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত চিকিৎসকে এই কথা সদৰি কৰে ৷
মুখ্যমন্ত্ৰী ৰাওৱে 19 এপ্ৰিলৰ পৰা ক’ভিডত আক্ৰান্ত হৈ থকাৰ পাচত বুধবাৰে তেওঁৰ ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ ফলাফল পোৱা গৈছে ৷ অৱশ্যে বৰ্তমানো আৰটি-পিচিআৰ পৰীক্ষাই কোনো নিৰ্দিষ্ট ফলাফল দেখুওৱা নাই বুলি জানিব পৰা গৈছে ৷