নিউজ ডেস্ক, ৫ জুন :তামিলনাডুৰ এখন সীমান্ত চহৰত ঘূৰি ফুৰা কেৰালাৰ বনৰীয়া দঁতাল আৰিকোম্বানক দেওবাৰে নিশা তাৰ গতিবিধিৰ ওপৰত নজৰ ৰখা বন বিষয়াসকলৰ এটা দলে ট্ৰেংকুলাইজ কৰে (wild tusker Arikomban tranquilised) । বন বিষয়াসকলৰ মতে, হাতীটোক এক উপযুক্ত বাসস্থানলৈ স্থানান্তৰ কৰাৰ প্ৰচেষ্টা চলি আছে ।
সম্পূৰ্ণ ১০ দিন ধৰি চলি থকা 'মিছন আৰিকোম্বান'ৰ (Mission Arikomban) অধীনত হাতীটোক বন বিভাগে নিজৰ কব্জালৈ আনি এই মিছনত আংশিকভাৱে সফলতা লাভ কৰিছে । উল্লেখ্য, বনৰীয়া দঁতাল হাতীটোৱে যোৱা ২৭ মে'ত চুবুৰীয়া কেৰালাৰ পৰা আহি তামিলনাডুত প্ৰৱেশ কৰিছিল (wild tusker entered Tamil Nadu from Kerala) ।
আনহাতে, হস্তী-মানুহৰ সংঘাতৰ বাবে এক প্ৰকাৰ দিশহাৰা হৈ পৰা হাতীটোৱে কামবুম চহৰৰ ব্যস্ত ৰাস্তাবোৰত যেনি-তেনি দৌৰি ফুৰিবলৈ বাধ্য হৈছিল । আনহাতে, স্থানীয় ৰাইজে হাতীটোক বিভিন্ন প্ৰকাৰে ভীতিগ্ৰস্ত কৰাৰ বাবে হাতীটোৱে দিকবিদিক হেৰুৱাই পেলাইছিল । যাৰ ফলত হাতীটোৱে দৌৰি ফুৰাৰ বাবে মানৱ জীৱন হানিকে ধৰি সম্পত্তিও ধ্বংস হৈছিল (Tamil Nadu to rehabilitate wild tusker Arikomban) ।
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS) অধীনত বিতৰণৰ বাবে নিৰ্ধাৰিত চাউলৰ প্ৰতি থকা প্ৰেমৰ বাবেই ই 'আৰিকোম্বান' বুলি জনাজাত হৈ পৰে । আনহাতে, দঁতাল হাতীটোৱে চহৰখনৰ জনজীৱন প্ৰায় স্তব্ধ কৰি দিছিল । যাৰ বাবে 'মিছন আৰিকোম্বান'ৰ প্ৰয়োজন হৈছিল । ৰাজ্যিক বন বিভাগে অৱশেষত দেওবাৰে নিশা থেনিৰ পুচানামপট্টিত এটা আৱাসিক এলেকাত ঘূৰি থকা দঁতাল হাতীটো বন্দী কৰিবলৈ সক্ষম হয় ।