অসম

assam

ETV Bharat / bharat

Forensic Team reaches chopper crash site : হেলিকপ্তাৰ দুৰ্ঘটনাৰ স্থানত উপস্থিত ফৰেনচিকৰ দল

হেলিকপ্তাৰ দুৰ্ঘটনাৰ সবিশেষ তথ্য বিচাৰি বৃহস্পতিবাৰে সঞ্চালক শ্ৰীনিবাসনৰ নেতৃত্বত তামিলনাডু ফৰেনচিক বিজ্ঞানাগাৰৰ এটা দল উপস্থিত হয় তামিলনাডুৰ কুন্নুৰত (Tamilnadu Forensic Dept Reaches Coonoor Air Crash Site) ৷ এই দলটোত আছে ভাৰতীয় বায়ুসেনাৰ (IAF) মুৰব্বী এয়াৰ চীফ মাৰ্চেল ভি আৰ চৌধুৰী, তামিলনাডুৰ ডিজিপি চি চিলেন্দ্ৰ বাবু ৷

Tamil Nadu Forensic Dept Reaches Coonoor Air Crash Site
হেলিকপ্টাৰ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন তামিলনাডু ফৰেঞ্চিচক বিজ্ঞান বিভাগৰ এটা দল

By

Published : Dec 9, 2021, 1:32 PM IST

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ :অভিশপ্ত বুধবাৰ ৷ বুধবাৰে হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত বুধবাৰে হেলিকপ্তাৰ দুৰ্ঘটনা (Coonoor helicopter Crash) ত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লয় জেনেৰেল বিপিন ৰাৱাট (Bipin Rawat Chopper Crash) সহ 13 জনকৈ লোকে ৷

বৃহস্পতিবাৰে সঞ্চালক শ্ৰীনিবাসনৰ নেতৃত্বত তামিলনাডু ফৰেনচিক বিজ্ঞানাগাৰৰ এটা দল উপস্থিত হয় দুৰ্ঘটনাস্থলীত (Tamil Nadu Forensic Dept Reaches Coonoor Air Crash Site) ৷ এই দলটোত আছে ভাৰতীয় বায়ু সেনাৰ (IAF) মুৰব্বী এয়াৰ চীফ মাৰ্চেল ভি আৰ চৌধুৰী, তামিলনাডুৰ ডিজিপি চি চিলেন্দ্ৰ বাবু ৷

দুৰ্ঘটনাত পতিত হোৱা MI17 V5 হেলিকপ্তাৰখনত আছিল জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat), পত্নী মধুলিকা ৰাৱাটৰ লগতে আন 11 গৰাকী লোক ৷ মুঠ 13 জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে (Gen Bipin Rawat with Wife and other Army Officer Demised) ৷

বুধবাৰে দুৰ্ঘটনাত পতিত হোৱা MI-17 V5 হেলিকপ্তাৰখনে তামিলনাডুৰ কইম্বাটোৰৰ সমীপৰ কুন্নুৰৰ এটা বায়ু সেনাৰ ঘাটিৰ পৰা ৱেলিংটনলৈ উৰা মাৰিছিল ৷ উৰা মৰাৰ কিছুসময় পিছতেই কুন্নুৰৰ কিছু নিলগত দুৰ্ঘটনাত পতিত হয় হেলিকপ্তাৰখন (Coonoor helicopter crash) ৷

উল্লেখ্য যে, বুধবাৰে ভাৰতৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল ৰাৱাটে (First Chief of Defence Staff in India) ষ্টাফ ক’ৰ্চৰ শিক্ষক আৰু বিষয়াসকলক সম্বোধন কৰিবলৈ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰাওনা হৈছিল ৷

১৯৭৮ চনৰ ডিচেম্বৰত জেনেৰেল ৰাৱাটে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল ৷ তাৰপাচতে 2016 চনৰ 17 ডিচেম্বৰত ভাৰতীয় স্থলসেনাৰ 27 সংখ্যক মুৰব্বী হিচাপে জেনেৰেল বিপিন ৰাৱাট অধিষ্ঠিত হয় ৷ 2019 চনত তেওঁ অধিষ্ঠিত হয় চীফ অৱ ডিফেন্স ষ্টাফ অৰ্থাৎ তিনিওটা সেনাবাহিনীৰ সৰ্বাধিনায়ক পদত ৷ অৱশেষত সেই পদত অধিষ্ঠিত হৈ থকা অৱস্থাতেই 2021 চনৰ 8 ডিচেম্বৰ তাৰিখে তামিলনাডুত সংঘটিত এক হেলিকপ্তাৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’ব লগা হয় জেনেৰেল বিপিন ৰাৱাটে ৷

ইতিমধ্যে IAF এ এই দুৰ্ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

ABOUT THE AUTHOR

...view details