অসম

assam

By

Published : Aug 19, 2021, 11:38 AM IST

Updated : Aug 19, 2021, 12:58 PM IST

ETV Bharat / bharat

তালিবানে বন্ধ কৰিলে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি-ৰপ্তানি

আফগানিস্তান(Afghanistan) দখল কৰাৰ পাচতে ভাৰতৰ পৰা সামগ্ৰীৰ আমদানি আৰু ভাৰতলৈ ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰিলে তালিবানে । ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্বন(Federation of Indian Export Organisation)ৰ সঞ্চালক প্ৰধান ড৹ অজয় সাহায়ে এই কথা জানিবলৈ দিছে । দেওবাৰে আফাগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাচতে তালিবানে এই সিদ্ধান্ত লয় ।

Taliban stop exports, imports from India
ভাৰতৰ সৈতে আমদানি ৰপ্তানি বন্ধ কৰিলে তালিবানে

নেশ্যনেল ডেস্ক, ১৯ আগষ্ট: দেওবাৰে আফগানিস্তান(Afghanistan)ৰ ৰাজধানী কাবুল দখল কৰাৰ পাচতে তালিবানে(Taliban) ভাৰতৰ সৈতে সকলো সামগ্ৰীৰ আমদানি-ৰপ্তানি বন্ধ কৰি দিছে । ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্বন(Federation of Indian Export Organisation)ৰ সঞ্চালক প্ৰধান ড৹ অজয় সাহায়ে জানিবলৈ দিয়া মতে, বৰ্তমান তালিবানে পাকিস্তানৰ পৰিবহন পথৰ জৰিয়তে কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে আৰু ইয়াৰ ফলত দেশখনৰ পৰা আমদানি বন্ধ হৈ পৰিছে ।

তেওঁ লগতে কয় যে, ভাৰতে এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কাম কৰি আছে আৰু আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰতো নজৰ ৰাখিছে । বিশেষকৈ বাণিজ্যৰ ক্ষেত্ৰত আফগানিস্তানৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । আফগানিস্তানত বাণিজ্যিক ক্ষেত্ৰত ভাৰতে যথেষ্ট বিনিয়োগ কৰিছে । ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্বনৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, দৰাচলতে, ভাৰত আফগানিস্তানৰ অন্যতম বৃহৎ অংশীদাৰ ।

প্ৰাপ্ত তথ্য় অনুসৰি, চলিত বৰ্ষত আফগানিস্তানলৈ ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য প্ৰায় ৮৩৫ নিযুত মাৰ্কিন ডলাৰ ।

ভাৰতে আফগানিস্তানৰ পৰা প্ৰায় ৫১০ মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী আমদানি কৰিছিল । কিন্তু এই বাণিজ্যৰ উপৰিও, আফগানিস্তানত ভাৰতে প্ৰায় ৩ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে । কিছুমান সামগ্ৰী আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ পথৰ পৰা ৰপ্তানি কৰা হয় । কিছুমান সামগ্ৰী ডুবাই হৈ ৰপ্তানি কৰা হয় । সাহায়ে লগতে কয় যে, বাণিজ্যিক ক্ষেত্ৰত আফগানিস্তানৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক আছে ।

ভাৰতে চেনী, ঔষধ, সাজ-পোছাক, চাহ, কফি, মচলা আৰু ট্ৰেন্সমিচন টাৱাৰ আদি আফগানিস্তানলৈ ৰপ্তানি কৰে । ইফালে শুকান ফলৰ আমদানিৰ বাবে ভাৰত আফগানিস্তানৰ ওপৰত নিৰ্ভৰশীল । ভাৰতে আফগানিস্তানৰ পৰা পিয়াজো আমদানি কৰে । বৰ্তমান আফগানিস্তানত অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে যদিও পুনৰ দেশখনৰ সৈতে ভাৰতৰত বাণিজ্যিক সম্পৰ্ক পূৰ্বৰ দৰে স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে ড৹ অজয় সাহায়ে ।

তেওঁ কয় যে, তেওঁ নিশ্চিত যে অতি কম দিনৰ ভিতৰতে আফগানিস্তানে উপলব্ধি কৰিব যে অৰ্থনৈতিক উন্নয়ন হৈছে এখন দেশ বিকাশৰ দিশত আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় । সেয়ে, ভাৰতৰে বাণিজ্য অব্যাহত ৰাখিব বুলি তেওঁ আশা ব্যক্ত কৰে । ফেডাৰেচন অফ ইণ্ডিয়া এক্সপোৰ্ট অৰ্গেনাইজেশ্বনে উদ্বেগ প্ৰকাশ কৰে যে, আফগানিস্তানৰ এই অশান্ত পৰিস্থিতিৰ বাবে অনাগত দিনত শুকান ফলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ভাৰতে আফগানিস্তানৰ পৰা প্ৰায় ৮৫ শতাংশ শুকান ফল আমদানি কৰে ।

লগতে পঢ়ক:ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল এগৰাকী তালিবানী শীৰ্ষ নেতাই

Last Updated : Aug 19, 2021, 12:58 PM IST

ABOUT THE AUTHOR

...view details