অসম

assam

ETV Bharat / bharat

তাজমহলত বোমাতংক - তাজমহলত বিস্ফোৰক সামগ্ৰী

বন্ধ কৰি দিয়া হ'ল তাজমহলৰ প্ৰৱেশদ্বাৰ ৷ কোনো অজ্ঞাত ব্যক্তিৰ ফোন কলৰ ভিত্তিত বন্ধ কৰি দিয়া হৈছে তাজমহলৰ দুৱাৰ ৷ তাজমহলত বিস্ফোৰক সামগ্ৰী ৰখাৰ সন্দেহ ব্যক্ত কৰা হৈছে ৷

taj mahal closed
taj mahal closed

By

Published : Mar 4, 2021, 11:53 AM IST

নেচনেল ডেস্ক,4 মাৰ্চ:দেশৰ অন্যতম ঐতিহ্য বহনকাৰী তথা বিশ্বৰ সপ্তম আশ্চৰ্যৰ অন্যতম তাজমহল বৃহস্পতিবাৰে পুৱা হঠাতে বন্ধ কৰি দিয়া হয় ৷ কোনো অজ্ঞাত ব্যক্তিৰ পৰা লাভ কৰা ফোন কলৰ ভিত্তিত বন্ধ কৰি দিয়া হৈছে তাজমহলৰ দ্বাৰ ৷

বৃহস্পতিবাৰে পুৱা কোনো অজ্ঞাত ব্যক্তিয়ে ফোনযোগে তাজমহলত বিস্ফোৰক সামগ্ৰী ৰাখি থোৱাৰ কথা অৱগত কৰিছিল তাজমহল কৰ্তৃপক্ষক ৷ মুহুৰ্ততে তাজমহল কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে তাজমহলৰ প্ৰৱেশ দ্বাৰ ৷ এই খবৰ পোৱাৰ পাছতে চিআইএছএফ আৰু আৰক্ষীয়ে তাজমহল চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে ৷

কিন্তু এই তালাচীৰ পাছতো কোনো বিস্ফোৰক সামগ্ৰীৰ সন্ধান লাভ নকৰাত প্ৰশাসনে এই খবৰ ভুৱা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস আৰক্ষীৰ

ABOUT THE AUTHOR

...view details