অসম

assam

By

Published : Aug 3, 2021, 12:10 PM IST

ETV Bharat / bharat

সোমবাৰে নিশাও জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিল সন্দেহজনক ড্ৰোণ

জম্মুৰ বিমানঘাটিত ড্ৰোণেৰে আক্ৰমণ সংঘটিত হোৱাৰে পৰা জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ আকাশত সঘনাই দেখিবলৈ পোৱা গৈছে সন্দেহজনক ড্ৰোণ(Drone) । সোমবাৰে নিশাও চাম্বা জিলাত সন্দেহজনক ড্ৰোণ উৰি থকা প্ৰত্যক্ষ কৰা হয় । সম্প্ৰতি জিলাখনৰ সকলো আৰক্ষী চকীক সতৰ্ক কৰি দিয়া হৈছে । দেওবাৰেও জিলাখনৰ আকাশমাৰ্গত ড্ৰোণ দেখিবলৈ পোৱা গৈছিল ।

Suspected drone activity in Samba
সোমবাৰে নিশাও চাম্বাৰ আকাশত সন্দেহজনক ড্ৰোণ

নেশ্যনেল ডেস্ক, ৩ আগষ্ট: বিগত এমাহৰ ভিতৰতে সন্দেহজনক ড্ৰোণে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । জম্মু-কাশ্মীৰৰ আকাশমাৰ্গত সঘনাই দেখিবলৈ পোৱা গৈছে সন্দেহজনক ড্ৰোণ । চাম্বা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেশ শৰ্মাই জনোৱা মতে, সোমবাৰে নিশা চাম্বা জিলাত সন্দেহজনক ড্ৰোণ উৰি থকা দেখিবলৈ পোৱা গৈছে । যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ জিলাখনৰ সকলো আৰক্ষী চকীক সতৰ্ক কৰি দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিছে ।

আনহাতে, দেওবাৰে নিশা জিলাখনৰ বৰী ব্ৰহ্মা অঞ্চলৰ চাৰিটা স্থানত সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হয় । ইয়াৰ পূৰ্বে শুকুৰবাৰে চাম্বা জিলাৰ তিনিটা পৃথক স্থানত সন্দেহজনক ড্ৰোণ উৰিছিল । উল্লেখ্য যে, জম্মুৰ বিমানঘাটিত ড্ৰোণেৰে আক্ৰমণ সংঘটিত হোৱাৰে পৰা জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ আকাশত সঘনাই দেখিবলৈ পোৱা গৈছে সন্দেহজনক ড্ৰোণ(Drone) । সীমান্তৰ কেইবাটাও স্থানত সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে কেইখনমান ড্ৰোণলৈ লক্ষ্য কৰি গুলীচালনাও কৰিছে ।

আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কয় যে, জম্মু-কাশ্মীৰত ড্ৰোণৰ জৰিয়তে অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা, আই ই ডি বিস্ফোৰণ কৰাৰ আঁৰত আছে পাকিস্তান ভিত্তিক লস্কৰ-ই-তৈবা (Lashkar-e-Taiba) আৰু জয়ছ-ই-মহম্মদ (Jaish-e-Mohammad) । তেওঁ লগতে কয় যে, বৰ্তমান ড্ৰোণৰ আক্ৰমণ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শান্তি বিঘ্নিত কৰিব পৰা যিকোনো ষড়যন্ত্ৰ বিফল কৰিবলৈ প্ৰতিৰোধী ব্যৱস্থা অধিক শক্তিশালী কৰা হ'ব । সিঙে হৌঞ্জাৰ দাচানত আকস্মিক বানপীড়িত অঞ্চলৰ আকাশী জৰীপ কৰাৰ পিছত এক নিৰাপত্তা পৰ্যালোচনা বৈঠকত ভাষণ আগবঢ়াই এই মন্তব্য কৰে ।

লগতে কিষ্টৱাৰত এটা ক'ভিড কেয়াৰ কেন্দ্ৰও উদ্বোধন কৰে । যোৱা ১৬ জুলাইত, জম্মু বিমানঘাটিৰ চাৰিওফালে ঘূৰি থকা এখন ড্ৰোণ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ (এনএছজি) দ্বাৰা নিয়োজিত ড্ৰোণ বিৰোধী প্ৰণালীৰ ৰাডাৰে চিনাক্ত কৰি আঁতৰাই নিছিল । যোৱা মাহত জম্মু বিমান ঘাটিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ পাছতে এনএছজিয়ে চহৰখনত ড্ৰোণ বিৰোধী প্ৰণালী সংস্থাপন কৰিছিল । লগতে সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ বিমান ঘাটিত ড্ৰোণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ড্ৰোণ বিৰোধী প্ৰণালী সংস্থাপন কৰিছে বায়ু সেনাই ।

সৰু ড্ৰোণৰ দ্বাৰা হ'ব পৰা ভাবুকিৰে মোকাবিলা কৰাৰ বাবেও বিভিন্ন পদক্ষেপ লোৱা হৈছে । জম্মুৰ বিমানঘাটিত আক্ৰমণ হোৱাৰ পিছত জম্মুৰ আকাশমাৰ্গত সন্দেহজনক ড্ৰোণৰ সংখ্যা বৃদ্ধি পাইছে । জম্মুৰ বিমানঘাটিত হোৱা আক্ৰমণৰ পিছত, ড্ৰোণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

লগতে পঢ়ক:অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

ABOUT THE AUTHOR

...view details