নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : জি-২০ সন্মিলনত অষ্ট্ৰেলিয়াত এগৰাকী অনাবাসী ভাৰতীয় (NRI) মহিলা প্ৰিয়দৰ্শিনী পাটিলৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ দাবী উত্থাপিত হৈছে । প্ৰিয়দৰ্শিনীৰ পৰিয়াল অষ্ট্ৰেলিয়াৰ চিডনীত বসতি বাস কৰিছিল । ২০ আগষ্টত NRI প্ৰিয়দৰ্শিনী লিংগৰাজ পাটিলে (৪০) বেলাগাভিৰ সাভাদাট্টি তালুকৰ নাভিলুথিৰ্থ জলাশয়ত জঁপিয়াই আত্মহত্যা কৰে । অষ্ট্ৰেলিয়া চৰকাৰৰ জিম্মাত থকা প্ৰিয়াদৰ্শনীৰ সন্তান কেইটাক ঘূৰাই নিদিয়াৰ বাবেই ভাৰতলৈ আহি তেওঁ আত্মহত্যা কৰে ।
চিপিএম নেতা বৃন্দা কাৰাটে জি-২০ সন্মিলনত এই গোচৰটোৰ বিষয়ে আলোচনা কৰিবলৈ দাবী উত্থাপিত কৰিছে । এই গোচৰৰ ফলতে এতিয়া প্ৰবাসী ভাৰতীয় শিশুক সুৰক্ষা দিয়াৰ আন্দোলন আৰম্ভ হৈছে । পশ্চিমীয়া দেশসমূহত শিশুৰ তত্বাৱধানৰ ক্ষেত্ৰত কঠোৰ আইন আছে ৷ ইয়াৰ বাবে প্ৰবাসী ভাৰতীয়ৰ সন্তান বিভিন্ন দেশত থাকে। নিজ নিজ দেশৰ চৰকাৰৰ জিম্মাত থকা শিশুসকলৰ সুৰক্ষাৰ বাবে দিল্লীৰ যন্তৰ মন্তৰৰ সমীপত এক আন্দোলনো ৰূপায়ন কৰা হৈছে ৷
এই আন্দোলনক সমৰ্থন কৰি বৃন্দা কাৰাটে ভিডিঅ' বাৰ্তাযোগে কয়, "প্ৰিয়দৰ্শিনীয়ে আত্মহত্যা কৰিছিল কাৰণ অষ্ট্ৰেলিয়াৰ শাসন ব্যৱস্থাই তেওঁৰ সন্তানক কাঢ়ি লৈ গৈছিল । তেওঁৰ মৃত্যুৰ প্ৰত্যক্ষ সম্পৰ্ক অষ্ট্ৰেলিয়াৰ সংবেদনহীনতা আৰু সাংস্কৃতিকভাৱে পক্ষপাতদুষ্ট শিশু সেৱা ব্যৱস্থাৰ সৈতে । কেৱল অষ্ট্ৰেলিয়াতে নহয়, ই বহু পশ্চিমীয়া দেশ, যিয়ে নিজকে গণতন্ত্ৰ বুলি দাবী কৰে, তেওঁলোকৰ গণতন্ত্ৰ তেওঁলোকৰ নিজৰ ঔপনিৱেশিক মানসিকতাৰ বাহিৰে আন একো নহয়’’ ।
তেওঁ আৰু কয়, "মই ক'ম যে সংস্কৃতিসমূহ বুজি পোৱা বা সংবেদনশীল হোৱাটো সম্ভৱ নহয় । আয়াৰলেণ্ড, ইংলেণ্ড আৰু এতিয়া অষ্ট্ৰেলিয়াত এনে গোচৰ ঘটিছে । আমি জি-২০ সন্মিলনক সুযোগ হিচাপে লৈ চৰকাৰসমূহৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰা উচিত যি সময়ত চৰকাৰসমূহৰ সৈতে আমাৰ দেশত জি-২০ চলি আছে’’।