নিউজ ডেস্ক, ২৩ আগষ্ট:বুধবাৰে চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰাৰ সময়তে প্ৰখ্যাত বিজ্ঞানী তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড৹ বিজয় কুমাৰ সাৰস্বতে এই ঐতিহাসিক সাফল্যৰ প্ৰশংসা কৰি কয় যে ভাৰত বিশ্বজুৰি উদীয়মান মহাকাশ অৰ্থনীতিৰ অংশ হ’বলৈ গৈ আছে ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সৰস্বতে কয় যে প্ৰতিযোগিতামূলক ক্ষমতাৰে ভাৰতে বিশ্ব মহাকাশ অৰ্থনীতি ৪.০ত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে । মহাকাশ ৪.০-এ মহাকাশ খণ্ডৰ নতুন যুগলৈ বিৱৰ্তনক প্ৰতিনিধিত্ব কৰে, যাৰ বৈশিষ্ট্য হৈছে এখন নতুন খেলপথাৰ । চৰকাৰ, ব্যক্তিগত খণ্ড, সমাজ আৰু ৰাজনীতিৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে এই যুগটো উন্মোচিত হৈছে ।
সৰস্বতে লগতে কয়, আমাৰ সকলো মিছন কম খৰচী আৰু আমি বিজয়ী হ’ম । তেওঁ কয় যে ভাৰতে বহু কম খৰচত এটা উপগ্ৰহ উৎক্ষেপণ কৰিব পাৰে । আমি ব্যক্তিগত উদ্যোগসমূহক জড়িত কৰিব পাৰো যিয়ে ব্যৱসায়ৰ পৰা গ্ৰাহকলৈ বা গ্ৰাহকৰ পৰা গ্ৰাহকৰ ভিত্তিত প্ৰতিটো মিছন ল’ব পাৰে । মহাকাশ খণ্ডত নিজৰ দখল থকা প্ৰধান দেশসমূহৰ সৈতেও আমাৰ সহযোগিতা আছে ।
ভাৰতৰ মহাকাশ খণ্ডত পৰিৱৰ্তন হৈছে বুলি স্বীকাৰ কৰি সাৰস্বতে কয় যে বিগত পাঁচ বছৰত ভাৰতৰ মহাকাশ অভিযানে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক ভাৱনা সূচনা কৰিছে । বিজ্ঞানীগৰাকীয়ে কয়, "আমি ছাত্ৰ-ছাত্ৰীক ইন্টাৰশ্বিপ প্ৰদান কৰোঁ । আচলতে এতিয়া দেশৰ যুৱ প্ৰজন্ম কাইলৈৰ মহাকাশ অভিযন্তা হ'ব বিচাৰে ।"