অসম

assam

ETV Bharat / bharat

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় - পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

যিসকল লোকে অসাৱধানতাৰে অৰ্থাৎ কোনো কোনো লোকে ডিঙিত, নাকৰ তলত মাস্ক পৰিধান কৰে, সেইসকল লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ।

সঠিকভাৱে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ
সঠিকভাৱে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ

By

Published : Apr 24, 2021, 5:47 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে সকলোকে শংকিত কৰি তুলিছে । ৰাইজক সাৱধান হ'বলৈ চৰকাৰ তথা প্ৰশাসনে বাৰাম্বাৰ সজাগ কৰি আহিছে যদিও সেই সজাগতাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে একাংশ অসচেতন ৰাইজে । মহামাৰী ক'ভিড সংক্ৰমণৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যিসকল লোকে অসাৱধানতাৰে অৰ্থাৎ কোনো কোনো লোকে ডিঙিত, নাকৰ তলত মাস্ক পৰিধান কৰে সেইসকল লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে কয় । পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ, হাৰিয়ানা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়ৰ সংশ্লিষ্ট সংস্থা আৰু স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে, যাতে জনসাধাৰণে সঠিকভাৱে মাস্ক পৰিধান কৰে ।

দেশত প্ৰতিদিনে কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰায় এক কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৪৬,৭৮৬ গৰাকী ব্যক্তি নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৬২৪ গৰাকীৰ মৃত্যু ঘটিছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত ২৪ ঘণ্টাত ২,১৯,৮৩৮ গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত দেশত সৰ্বমুঠ ১,৬৬,১০,৪৮১ গৰাকী লোকৰ ভিতৰত মুঠ ১,৩৮,৬৭,৯৯৭ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ১,৮৯,৫৪৪ গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷ আনহাতে, ২৫,৫২,৯৪০ গৰাকীৰ দেহত কৰ’ণা ভাইৰাছ সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: সংকটকালত ভাৰতীয় বায়ু সেনাৰ যুগান্তকাৰী পদক্ষেপ

ABOUT THE AUTHOR

...view details