নেশ্যনেল ডেস্ক, ১০ জুন: ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ(Protest demanding arrest of Nupur Sharma in Ranchi) । ৰাঁচীৰ মূল পথত নামাজ পঢ়ি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । ক্ৰমান্বয়ে প্ৰতিবাদকাৰী সকলে হাতে হাতে ক'লা আৰু ধৰ্মীয় পতাকা লৈ অগ্ৰসৰ হৈছিল দৈনিক বজাৰৰ সন্মুখত থকা এলবাৰ্ট এক্কা চকৰ দিশে । কিন্তু ইয়াতেই আৰক্ষী আৰু প্ৰতিবাাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।
যাৰ ফলত প্ৰতিবাদকাৰীসকল ক্ষোভিত হৈ আৰক্ষীলৈ শিলাবৰ্ষণ কৰে । প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূণ্যলৈ গুলীচালনা কৰে(Police blank firing in Ranchi) । কিন্তু ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । এফালে শিলাবৰ্ষণ আৰু আনফালে গুলীচালনাৰ ফলত আহত হয় দুয়োপক্ষৰ কেইবাজনো লোক ।
জানিব পৰা মতে আৰক্ষীয়ে দুৰ্বৃত্তক খেদি পঠোৱাৰ সময়ত, এক্কা মছজিদৰ লেনৰ পৰা শিল নিক্ষেপ কৰিছিল আৰক্ষীলৈ । বৰ্তমান, সুজাতা চক আৰু এক্কা মছজিদৰ ওচৰত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । সলনি কৰা হৈছে যান-বাহন অহা-যোৱা কৰাৰ পথ । সমগ্ৰ অঞ্চলটোত বৃহৎ সংখ্যক IRB, JAP আৰু জিলা আৰক্ষী মোতায়েন কৰা হৈছে ।