অসম

assam

ETV Bharat / bharat

Monsoon Health Tips: বাৰিষাকালত দূৰত্ব বজাই ৰাখক এই খাদ্য সামগ্ৰীৰ পৰা, অন্যথা হ’ব পাৰে অসুস্থ

তীব্ৰ গৰমৰ পিছত যেতিয়া বাৰিষাকাল আহে তেতিয়া সকলোৱে আনন্দত জপিয়াই উঠে । এই বতৰত মানুহে বিভিন্ন ধৰণৰ ব্যঞ্জন উপভোগ কৰে । কিন্তু আপুনি জানেনে যে এই বতৰত কিছুমান বিশেষ খাদ্য খালে অসুস্থ হ’ব পাৰে ।

By

Published : Jun 21, 2023, 9:21 PM IST

Stay away from these foods during the rainy season, otherwise you may become ill
বাৰিষাকালত দূৰত্ব বজাই ৰাখক এই খাদ্য সামগ্ৰীৰ পৰা, অন্যথা হ’ব পাৰে অসুস্থ

বাৰিষাৰ বতৰত গৰমৰ পৰা সকাহ পোৱা যায় যদিও এই বতৰ আৰ্দ্ৰতাৰে ভৰা । যাৰ বাবে এই বতৰত হজম শক্তি দুৰ্বল, এলাৰ্জী আৰু বহুতো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বৰষুণৰ দিনত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ বাবে বহু ধৰণৰ সংক্ৰমণ হ’ব পাৰে । যদি আপুনি এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক । গতিকে এই ঋতুত কোনবোৰ কথা পৰিহাৰ কৰিব লাগে জানো আহক ।

সেউজীয়া শাক-পাচলি

সুস্থ হৈ থাকিবলৈ পাতৰ সেউজীয়া শাক-পাচলি খোৱাটো বাঞ্ছনীয় । কিন্তু আপুনি নিশ্চয় আচৰিত হ’ব যে বাৰিষাত কিয় পাতল পাচলি খাব নালাগে । কাৰণ এই বতৰত বতাহত অধিক আৰ্দ্ৰতা থাকে । এনে পৰিস্থিতিত বিশেষকৈ সেউজীয়া পাতৰ শাক-পাচলিত বেক্টেৰিয়াৰ বিকাশ ঘটে । এই শাক-পাচলি গজা মাটিৰ পৰাও এই পাতবোৰত ক্ষতিকাৰক অণুজীৱ আহিব পাৰে । যদি আপুনিও এই ঋতুত এই শাক-পাচলি খাব বিচাৰে, তেন্তে ভালদৰে পৰিষ্কাৰ কৰক, তাৰ পিছত ৰান্ধি খাব ।

সাগৰীয় খাদ্য

গৱেষণাৰ মতে বাৰিষাত সাগৰীয় খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । আচলতে এই বতৰত মাছৰ প্ৰজননৰ বতৰ আৰু বজাৰত বিক্ৰী হোৱা সাগৰীয় খাদ্য সতেজ নহয় । বাৰিষাৰ সময়ত বজাৰত ফ্ৰ’জেন বা টিনত থকা সাগৰীয় খাদ্য পোৱা যায় । এইবোৰ সেৱন কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে ।

টেঙা আৰু ভজা খাদ্য

কিন্তু যিকোনো বতৰত কচোৰি, পকোৰা, চিঙৰা আদি ভজা খাদ্য অত্যধিক সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় । কাৰণ সেইবোৰ খালে পেটৰ লগত জড়িত সমস্যাই অসুবিধা কৰিব পাৰে । যাৰ ফলত বদহজম, ডায়েৰিয়া আদি সমস্যা হ’ব পাৰে ।

কেঁচা খাদ্য

কেঁচা খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব পাৰে । ইয়াৰ বাবেই সংক্ৰমণৰ আশংকা। আনহাতে খাদ্য ৰান্ধি খালে ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস হয়

লগতে পঢ়ক:Breakfast Ideas: ব্ৰেকফাষ্টত নিমিষতে তৈয়াৰ কৰক এই ৭বিধ খাদ্য, প্ৰস্তুত কৰাৰ পদ্ধতি জানি লও

ABOUT THE AUTHOR

...view details