নেশ্য়নেল ডেস্ক , ১৯ ডিচেম্বৰ :তামিলনাডুৰ অন্য়তম ৰাজনৈতিক দল ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনে শুকুৰবাৰে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী এডপাড্ডী পলানিস্বামীক "দুৰ্নীতিৰ নায়ক" আখ্য়া দিয়াৰ লগতে কৃষি আইন সন্দৰ্ভত বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে । লগতে তেওঁ কয় " তামিলনাডুৰ মুখ্য়মন্ত্ৰীয়ে মোক কেৱল বিবৃত্তি দিও কাৰণে বিবৃত্তি নায়ক আখ্য়া দিছে । মই তেওঁক "দুৰ্নীতিৰ নায়ক" আখ্য়া দিব বিছাৰিছো ।"
ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনে চেন্নাইত কৃষকৰ প্ৰতিবাদ চলি থকাৰ মাজতে গোটেই দিন অনশনত থাকে । চেকুলাৰ প্ৰগ্ৰেচিব এলায়েঞ্চ সম্পৰ্কীয় দল সমূহেও চেন্নাইৰ অনশন কাৰ্যসূচীত অংশ লোৱাৰ লগতে দেশজুৰি কৃষকসকলে প্ৰতিবাদ অব্য়াহত ৰাখিছে বুলি এম.কে ষ্টালিনে টুইট কৰে । টুইটাৰ যোগে তেওঁ কয় যে এই প্ৰতিবাদ তেতিয়ালৈ অব্য়াহত থাকিব যেতিয়ালৈ বিজেপি চৰকাৰে তিনিখন কৃষি আইন বাতিল নকৰে । কৰ'ণা মহামাৰীৰ এই জটিল পৰিস্থিতিৰ সুযোগ লৈ বিজেপি চৰকাৰে কৃষি বিল পাছ কৰাৰো গুৰুতৰ অভিযোগ এম.কে স্টালিনৰ ।