নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : শনিবাৰে পুৱা ভাৰত-নেপাল সীমান্তত দুজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় ৷ গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক এজন নিউজিলেণ্ডৰ আৰু আনজন বাংলাদেশৰ বুলি জানিব পৰা গৈছে (Two trespassers arrested on Indo Nepal border)৷ আটকাধীন কেইজনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে কেবাখনো ভুৱা ভাৰতীয় পৰিচয় পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিম বংগতে এক আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
জানিব পৰা মতে, প্ৰথমাৱস্থাত সশস্ত্ৰ সীমান্ত বাহিনীৰ জোৱানে শিলিগুৰিৰ গাতে লাগি থকা খাৰিবাৰী ব্লকৰ ভাৰত-নেপাল সীমান্তৰ পানীতংকিৰ পৰা নিউজিলেণ্ডৰ এজন নাগৰিকক গ্ৰেপ্তাৰ কৰে । আটকাধীন নিউজিলেণ্ডৰ নাগৰিক জনৰ নাম এণ্ড্ৰু জেমছ ৷
তাৰ পাচতে সীমান্ত আৰক্ষীয়ে আটকাধীন নিউজিলেণ্ডৰ নাগৰিকজনৰ পৰা কেবাখনো ভুৱা ভাৰতীয় আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স জব্দ কৰে ৷ পৰৱৰ্তী সময়ত অভিযুক্ত জেমছক সোধ-পোছ অন্তত সীমান্ত অঞ্চলৰ পৰা আটক কৰে বাংলাদেশী মহম্মদ নুৰুল ইছলামক (SSB arrests two foreigners for illegally entering India in Siliguri)।