নেশ্যনেল ডেস্ক, 3 জানুৱাৰী:প্ৰায় ডেৰ বছৰৰ অন্তত কাশ্মীৰ পুনৰ পৰ্যটকৰ বাবে উদ্ভাসিত হৈ উঠিছে ৷ কিয়নো দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সহস্ৰাধিক লোক আহি উপত্যকাটোত উপস্থিত হৈছে নৱবৰ্ষ উদযাপনৰ লগতে তুষাৰপাত উপভোগ কৰিবলৈ ৷
2019 চনত 370 অনুচ্ছেদ সংশোধন আৰু ক'ভিড-19 লক ডাউনৰ পাচত, কাশ্মীৰত ডেৰ বছৰত নগণ্য সংখ্যক পৰ্যটককেহে পদাৰ্পন কৰিছে ৷ অৱশ্যে সম্প্ৰতি পৰ্যটকসকলে পুনৰ কাশ্মীৰৰ দিশে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে, যাৰ বাবে শ্ৰীনগৰৰ ডাল লেকত পৰ্যটকৰ সমাগম পৰিলক্ষিত হয় ৷
নৱবৰ্ষৰ প্ৰাকক্ষণত পৰ্যটক সকল সাক্ষী হৈ ৰয় তুষাৰপাতৰ ৷ আনকি বহু পৰ্যটতকে পাহাৰ আৰু সমতল ভূমিত হোৱা তুষাৰাবৃত্ত আচ্ছাদন চাবলৈয়ো উপত্যকা খনলৈ যায় ৷ মহাৰাষ্ট্ৰৰ পৰা যোৱা পৰ্যটকৰ এটা দলক পোন প্ৰথমে শ্ৰীনগৰৰ ডাল লেক হাউচবোট মালিকপক্ষই স্বাগতম জনায় ৷ তেওঁলোকৰ ব্যৱসায় 370 অনুচ্ছেদ সংশোধন আৰু কৰ'ণা মহামাৰীৰ সময়ত বাৰুকৈযয়ে নিম্নগামী হৈ পৰিছিল ৷