অসম

assam

ETV Bharat / bharat

ভাৰতত আগষ্টৰ পৰা আৰম্ভ হ'ব স্পুটনিক ভেকছিনৰ উৎপাদন.. - স্পুটনিক ভেকছিন

ৰাছিয়াত ভাৰতীয় দূত বালা ভেঙ্কটেশ বৰ্মাই জনোৱা মতে আগষ্ট মাহৰ পৰা ভাৰতত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৰাছিয়াৰ স্পুটনিক ভেকছিনৰ উৎপাদন । ভাৰতীয় দূতে উল্লেখ কৰা মতে স্পুটনিক ভেকছিন তিনিটা পৰ্যায়ত ভাৰতত উৎপাদন কৰা হ'ব ।

Sputnik vaccine
ভাৰতত স্পুটনিক ভেকছিনৰ উৎপাদন

By

Published : May 22, 2021, 4:44 PM IST

নেশ্যনেল ডেস্ক, ২২ মে': দেশত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হৈছে । তেনে সময়তে এক সুখবৰ । আগষ্ট মাহৰ পৰা ভাৰতত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৰাছিয়াৰ স্পুটনিক ভেকছিনৰ উৎপাদন । ৰাছিয়াত ভাৰতীয় দূত বালা ভেঙ্কটেশ বৰ্মাই এই কথা জনোৱাৰ লগতে তেওঁ উল্লেখ কৰে যে ইতিমধ্যে ৰাছিয়াই ভাৰতক ভেকছিনৰ ২ লাখৰো অধিক পালি যোগান ধৰিছে । ভাৰতীয় দূতে উল্লেখ কৰা মতে স্পুটনিক ভেকছিন তিনিটা পৰ্যায়ত ভাৰতত উৎপাদন কৰা হ'ব ।

তেওঁ উল্লেখ কৰা মতে, ইয়াৰ প্ৰথম পৰ্যায় হিচাপে সম্পূৰ্ণ নিৰ্মিত ভেকছিন ইতিমধ্যে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে, দ্বিতীয় পৰ্যায়ত আৰ.ডি.আই.এফয়ে বৃহৎ পৰিমাণে ভাৰতলৈ প্ৰেৰণ কৰিব । তৃতীয় পৰ্যায়ত ৰাছিয়াৰ পক্ষই প্ৰযুক্তিটো এটা ভাৰতীয় কোম্পানীলৈ স্থানান্তৰ কৰিব আৰু ভাৰতীয় কোম্পানীয়ে ইয়াক সম্পূৰ্ণৰূপে উৎপাদন কৰিব । এই তিনিওটা একেলগে প্ৰায় ৮৫০ নিযুত পালি হ'ব ।

উল্লখ্যে যে, ৰাছিয়াৰ পক্ষই স্পুটনিক লাইটৰো প্ৰস্তাৱ দিছে । ভাৰতত তাৰ বাবে নিয়ামক অনুমোদন এতিয়াও সম্পূৰ্ণ হোৱা নাই । কিন্তু এবাৰ সেই নিয়ামক অনুমোদনসমূহ প্ৰদান কৰাৰ পিছত, স্পুটনিক লাইট ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ আৰু এটা ক্ষেত্ৰ হ'ব । স্পুটনিক লাইট হৈছে স্পুটনিক ভি কৰ'ণা ভাইৰাছ ভেকছিনৰ প্ৰথম উপাদান । ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰডিআইএফ)ৰ মতে বিদেশত ভেকছিনৰ বিপণন কৰা সাৰ্বভৌম সম্পদ পুঁজি ।

লগতে পঢ়ক:ত্ৰিপুৰাত পোহৰলৈ আহিছে ব্লেক ফাংগাছৰ প্ৰথমটো ঘটনা

ABOUT THE AUTHOR

...view details