অসম

assam

ETV Bharat / bharat

আগষ্টৰ পৰা ১৬ খন নতুন বিমান মুকলি কৰিব স্পাইচজেটে - স্পাইচজেটৰ মুখ্য বাণিজ্যিক বিষয়া শিল্পা ভাটিয়া

১৬ খন নতুন বিমানৰ সেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে স্পাইচজেটে(SpiceJet) । স্পাইচজেটে ঘোষণা কৰা মতে, আগষ্টৰ পৰা ১৬ খন নতুন বিমান মুকলি কৰা হ'ব । এই নতুন বিমানকেইখনৰ সেৱাৰ জৰিয়তে গুজৰাটৰ ভাৱনগৰকো ঘৰুৱা নেটৱৰ্কৰ সৈতে সংযুক্ত কৰিব স্পাইচজেটে ।

SpiceJet to launch 16 new flights from August
আগষ্টৰ পৰা ১৬ খন নতুন বিমান মুকলি কৰিব স্পাইচজেটে

By

Published : Jul 31, 2021, 5:34 PM IST

নেশ্যনেল ডেস্ক, ৩১ জুলাই: চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা স্পাইচজেটে ১৬ খন নতুন বিমান মুকলি কৰিব । ইয়াৰ জৰিয়তে গুজৰাটৰ ভাৱনগৰকো ঘৰুৱা নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হ'ব ৷ ২০ আগষ্টৰ পৰা যাত্ৰীয়ে ভাৱনগৰৰ পৰা পোনে পোনে বিমানযোগে দিল্লী, মুম্বাই আৰু চুৰাটলৈ যাত্ৰা কৰিব পাৰিব । ইয়াৰ উপৰিও, স্পাইচজেটে আৰু ১০ খন বিমান মুকলি কৰিব আৰু এই বিমানকেইখনে গোৱালিয়ৰক জয়পুৰৰ সৈতে, কিষাণগড়(আজমেৰ)ক মুম্বাইৰ সৈতে, বেলাগাভিক দিল্লীৰ সৈতে আৰু বিশাখাপট্টনমক বেংগালুৰুৰ সৈতে সংযোগ কৰিব ।

জানিব পৰা মতে, দিল্লী আৰু জম্মুৰ মাজত বিমানৰ চলাচল বৃদ্ধি কৰিবলৈ অতিৰিক্তভাৱে নতুন বিমান সংযুক্ত কৰা হ'ব । স্পাইচজেটৰ মুখ্য বাণিজ্যিক বিষয়া শিল্পা ভাটিয়াই জনোৱা মতে, মহানগৰ আৰু কম সা-সুবিধা উপলব্ধ হোৱা চহৰসমূহৰ মাজত আঞ্চলিক সংযোগ শক্তিশালী কৰাই হৈছে স্পাইচজেটৰ লক্ষ্য । ঘৰুৱা নেটৱৰ্কত ভাৱনগৰ চহৰখন সংযোগ কৰি স্পাইচজেট কৰ্তৃপক্ষ আনন্দিত বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, বহুতো বৃহৎ আৰু ক্ষুদ্ৰ উদ্যোগৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চহৰ হিচাপে বিবেচিত, ভ্ৰমণৰ বাবে বিভিন্ন পবিত্ৰ স্থান থকা ভাৱনগৰলৈ ব্যৱসায় আৰু ভ্ৰমণ দুয়োটা কাৰণতে বিভিন্ন ঠাইৰ লোকৰ আগমণ ঘটে ।

গতিকে ব্যৱসায়িক দিশৰ পৰা বিমান পৰিবহণ লাভজনক হ'ব বুলি আশা কৰা হৈছে । তেওঁ কয় যে, গোৱালিয়ৰৰ সৈতে জয়পুৰ আৰু মুম্বাইৰ সৈতে কিষাণগড়ক সংযোগ কৰা বিমান আৰু আন অতিৰিক্ত বিমানৰ সেৱাই ঘৰুৱা সম্প্ৰসাৰণত সহায় কৰিব বুলি তেওঁলোক আশাবাদী । বিমান ভ্ৰমণ সহজ কৰাত সহায় কৰিবলৈ আৰু নতুন পথ আৰু গন্তব্যস্থান সংযোগ কৰি বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ এক উন্নত স্থানত উপনীত কৰাৰ সপোন পূৰণ কৰিবলৈ স্পাইচজেট প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে শিল্পা ভাটিয়াই ।

লগতে পঢ়ক:পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত 2

ABOUT THE AUTHOR

...view details