অসম

assam

ETV Bharat / bharat

ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি - ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

ভূমিকম্পৰ ফলত বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হোৱা দেখা যায় । কিন্তু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি । এইবাৰ তেনে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যালয়, পুৰণি অট্টালিকা আদি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ।

earthquake damage
ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি

By

Published : Sep 24, 2021, 11:49 AM IST

আগৰতলা, ২৪ ছেপ্টেম্বৰ :ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চৰ্চিত উত্তৰ-পূৰ্বাঞ্চল । যাৰ বাবে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ত্ৰিপুৰাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ভূমিকম্পই জোকাৰি গ'লেও যাতে ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস হয় তাৰ বাবে বিশেষ আঁচনি লৈছে ত্ৰিপুৰা চৰকাৰে ।

ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে (National Disaster Management Authorities) ৰেট্ৰোফিটিঙৰ পাইলট প্ৰকল্পৰ বাবে ত্ৰিপুৰাৰ দুখন বিদ্যালয় বাছনি কৰিছে । প্ৰাকৃতিক দুৰ্যোগৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যৰে মেলাঘৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মণ্ডইবজাৰ বিদ্যালয়ৰ আন্তঃগাথনিৰ বাবে প্ৰকল্পটোৰ অধীনত দুয়োখন বিদ্যালয় সন্নিৱিষ্ট কৰা হৈছে ।

ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি

নেতাজী চৌমুহানী পিডব্লিউডি ভৱন আৰু ৰাণীৰবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকো এই আঁচনিৰ অধীনত ৰখা হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আঁচনিটোৰ বাবে৩ কোটি টকাৰ পুঁজি আৱণ্টন দিছে ।

এই আঁচনিৰ মূল বৈশিষ্ট্য হৈছে ভূমিকম্প বিশ্লেষণ আৰু পুৰণি ভৱনবোৰৰ আন্তঃগাথনিৰ নিৰ্মাণ । এই প্ৰকল্পৰ জৰিয়তে, ৫০ গৰাকী অভিযন্তা আৰু ৫০ জন মিস্ত্ৰীকো নতুন প্ৰযুক্তি আৰু উন্নত নিৰ্মাণ কৌশলৰ লগতে ভূমিকম্পৰ বিপদাশংকা ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । এই আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পি ডব্লিউ ডি বিভাগৰ (PWD) দ্বাৰা মুঠ ৬৭ টা অট্টালিকা, ৪ খন দলং আৰু সাতটা টেংক অন্তৰ্ভুক্ত কৰা হৈছে ।

ইতিমধ্যে সকলো অট্টালিকাতে পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে । সম্প্ৰতি গুৰখাবস্তিৰ অভিযন্তা প্ৰতিষ্ঠানত এতিয়াও প্ৰশিক্ষণ অব্যাহত আছে । বিশেষ সূত্ৰই জনোৱা মতে এই আঁচনিৰ জৰিয়তে যিকোনো ধৰণৰ অভূতপূৰ্ব সমস্যা প্ৰতিহত কৰিবলৈ পুৰণি অট্টালিকা পুনৰ স্থাপন কৰা হ'ব লগতে আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক ডিপিআৰ প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক :ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ

ABOUT THE AUTHOR

...view details