অসম

assam

By

Published : Jun 22, 2023, 2:18 PM IST

ETV Bharat / bharat

Fisherman rescued : ১২ ঘণ্টা সাগৰত সাঁতুৰি পাৰ পালে মাছমৰীয়া

অন্ধ্ৰপ্ৰদেশত এক আচৰিত ঘটনা সংঘটিত হৈছে । মৎস্য চিকাৰলৈ যোৱাৰ সময়তে সাগৰত পিছলি পৰে মাছমৰীয়া । নিশা ১২ ঘণ্টা সাঁতুৰি অৱশেষত সুৰক্ষিতভাৱে উদ্ধাৰ হ'ল মাছমৰীয়া ।

Fisherman rescued
১২ ঘণ্টা সাগৰত সাঁতুৰি পাৰ পালে মাছমৰীয়া

নেশ্যনেল ডেস্ক,২২ জুন :"ৰাখে হৰি মাৰে কোনে ?" যেতিয়া আপোনাৰ কপালত মৃত্যু নাথাকে তেতিয়া কোনেও আপোনাক মাৰিব নোৱাৰে । তেনেই এক ঘটনা সংঘটিত হ'ল অন্ধ্ৰ প্ৰদেশত । মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিল এজন মাছমৰীয়া ।

সাগৰৰ মাজত এঘণ্টা অকলে কটোৱাৰ কথা আপুনি কল্পনা কৰিব পাৰে নে ? আপুনি শুনি আচৰিত হ'ব এজন মাছমৰীয়াই সাগৰৰ মাজত নিশা প্ৰায় ১২ ঘণ্টা সাঁতুৰি অৱশেষত পাৰত উপস্থিত হৈছে ।

মাছমৰীয়াজন হৈছে কাকিনাড়াৰ গেদালা আপ্পাৰাও । জানিব পৰা মতে আন ৫ গৰাকী মাছমৰীয়াৰ সৈতে গেদালাই সাগৰত মৎস্য চিকাৰৰ বাবে গৈছিল । মছলিপত্তনমত মাছ ধৰি ডক্টৰ বি আৰ আম্বেদকাৰৰ গৃহ জিলা কোনাসীমাৰ সখিনেতিপল্লী মণ্ডলৰ অন্তৰ্বেদী হাৰ্বাৰলৈ তেওঁলোকে নাৱেৰে মাছ বিক্ৰী কৰিবলৈ গৈছিল । তাত মাছ বিক্ৰী কৰি তেওঁলোকে আন দিনাৰ দৰে পুনৰ আবেলি মাছ ধৰিবলৈ সাগৰলৈ গৈছিল ।

নিশা মাছমৰীয়া কেইজনে সাগৰত জাল পাতিছিল আৰু আহাৰ গ্ৰহণ কৰি নাৱতে শুইছিল । মাছমৰীয়াসকলে কোৱা মতে মাজনিশা উঠি তেওঁলোকে দেখিছিল যে আপ্পাৰাও তাত নাছিল । তেওঁলোক সন্দেহ কৰা মতে নাৱৰ পৰা আপ্পাৰাও পিছলি পৰিছিল । লগে লগে তেওঁলোকে নিশাই অনুসন্ধান আৰম্ভ কৰে । প্ৰায় ১২ ঘণ্টাৰ অন্তত মাছমৰীয়াৰ এটা দলে সুৰক্ষিতভাৱে আপ্পাৰওক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তেওঁক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইফালে আপ্পাৰাওৱে কয় যে যেতিয়া তেওঁ প্ৰস্ৰাৱ কৰিবলৈ নাওখনৰ কাষলৈ গৈছিল । তেওঁ পিছলি গৈ সাগৰত পৰিছিল । অৱশ্যে নিশা কিমান সময় হৈছিল সেয়া তেওঁ অনুমান কৰিব পৰা নাছিল । তেওঁ সন্দেহ কৰা মতে নিশা তেতিয়া ১১ মান বাজিছিল । তেওঁ তেতিয়া সাগৰত সাঁতুৰি আছিল আৰু বুধবাৰে পুৱা প্ৰায় ১১ মান বজাত এখন সৰু নাও প্ৰত্যক্ষ কৰিছিল ।

বিসখা জিলাৰ নাক্কাপল্লী মণ্ডলৰ ৰাজীপেটৰ মাছমৰীয়াসকলে অন্তৰ্বেদীৰ পৰা মৎস্য চিকাৰ কৰিবলৈ গৈ থকা সময়তে তেওঁক সাঁতুৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে মাছমৰীয়াৰ দলটোৱে আপ্পাৰাওক উদ্ধাৰ কৰে আৰু তেওঁক পাৰলৈ লৈ আহে । মাছমৰীয়াজনক পাছত চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আপ্পাৰাও উদ্ধাৰ হোৱাৰ পাছতে তেওঁৰ পৰিয়াল আৰু গাঁৱৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তেওঁৰ পৰিয়াল আৰু স্থানীয় লোকসকলে ৰাজীপেটৰ মাছমৰীয়াসকলক আপ্পাৰাওক উদ্ধাৰ কৰাৰ বাবে প্ৰশংসা কৰে ।

লগতে পঢ়ক :Bomb Blast in Manipur: মণিপুৰত সন্দেহজনক আইইডি বিস্ফোৰণত আহত 3

ABOUT THE AUTHOR

...view details