নিউজ ডেস্ক, 12 অক্টোবৰ : মেঘালয়ৰ পঞ্জাৱী লেনত বাস কৰা লোকসকলক অন্য ঠাইলৈ স্থানান্তৰৰ বাবে লোৱা চৰকাৰৰ সিন্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ইয়াৰ বাসিন্দা সকলে ৷
পঞ্জাৱী লেনত বাস কৰা লোকসকলৰ স্থানান্তৰৰ বাবে মেঘালয় চৰকাৰৰ সিদ্ধান্তক কেন্দ্ৰীয় সংখ্যালঘু আয়োগেও বিৰোধীতা কৰিছে ৷ 1850 চনৰ পৰাই শিখ সম্প্ৰদায়ৰ লোকসকলে পঞ্জাৱী লেনত বাস কৰি আহিছে ৷ যাৰ বাবে চৰকাৰে তেওঁলোকক সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াত বসবাস কৰি অহা লোকসকল ৷
ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে চৰকাৰক মেঘালয় উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বিষয়টো সন্দৰ্ভত স্থিতাৱস্থা বজাই ৰাখিবলৈ আৰু এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে, মেঘালয়ৰ পঞ্জাৱী লেনত বাসকৰা এইসকল লোকক "বে-আইনীভাৱে" স্থানান্তৰৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰলৈ লৈ যাব বুলি কয় পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাই ৷
ইয়াৰ উপৰিও হৰিজন পঞ্চায়ত কমিটী আৰু শ্বিলঙৰ শিখ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতিনিধিসকলেও চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ তেওঁলোকে কয় যে, আমি চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিম ৷
মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ হৰিজন পঞ্চায়ত কমিটীৰ সভাপতি গুৰিত সিঙে লগতে কয়, 2.5 একৰ ভূমিত থকা এই কলনীটো ৰাজ্যখনৰ সৰ্ববৃহৎ পৰম্পৰাগত বজাৰ, 'বৰা বাজাৰৰ' কাষত অৱস্থিত ৷ এই বজাৰখনেই পৰিয়ালসমূহৰ বাবে জীৱনৰেখা স্বৰূপ, এই বজাৰখনতেই তেওঁলোকে বিভিন্ন দোকান-পোহাৰ দি জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ তেওঁ কয় যে "আমি নিজৰ ভূমিৰ বাবে প্ৰাণ দিম, কিন্তু মেঘালয় চৰকাৰৰ অবৈধ, বে-আইনী আৰু অনৈতিক কাৰ্যক সমৰ্থন নকৰো ৷"