নেশ্যনেল ডেস্ক,৫ নৱেম্বৰ :অহা ১৯ নৱেম্বৰত ভাৰতত চলি থকা আইচিচি ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব । গুজৰাটৰ আহমেদাবাদৰ ষ্টেডিয়ামত ফাইনেলত অৱতীৰ্ণ দুটা যোগ্য দল । আনহাতে একেদিনাই বিশ্ব সন্ত্ৰাসবাদী কাপৰ চূড়ান্ত খেল খেলাৰ হুংকাৰ নিষিদ্ধ শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনৰ । পান্নুনে পুনৰ এবাৰ সামাজিক মাধ্যমত এইধৰণৰ ভাবুকি প্ৰদান কৰে । শেহতীয়াকৈ সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে এই সন্দৰ্ভত এটা ভিডিঅ' বাৰ্তা মুকলি কৰিছে ।
নিষিদ্ধ শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে লগতে শিখসকলক ১৯ নৱেম্বৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিবলৈ সকীয়াই দিয়ে । কিয়নো যাত্ৰা কৰিলে তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে । তেওঁ দাবী কৰিছে যে সেইদিনটোৰ পৰাই এয়াৰ ইণ্ডিয়াক কাম কৰিবলৈ অনুমতি দিয়া নহ'ব ।
পান্নুনে কয় যে ১৯ নৱেম্বৰৰ পৰা বিশ্বব্যাপী অৱৰোধ হ'ব আৰু এয়াৰ ইণ্ডিয়াক কাম কৰিবলৈ অনুমতি দিয়া নহ'ব । তেওঁৰ ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে । তেওঁ ভাবুকি দি কয় যে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰ ১৯ নৱেম্বৰত বন্ধ থাকিব আৰু ইয়াৰ নাম সলনি কৰা হ'ব । এই বিমানবন্দৰৰ নাম হ'ব শ্বহীদ বিয়ান্ত সিং, শ্বহীদ সাতৱন্ত সিং খালিস্তান বিমানবন্দৰ হ'ব আৰু পাঞ্জাৱক মুক্ত কৰা হ'ব বুলিও তেওঁ ভাবুকি দিয়ে ।