অসম

assam

Karnataka CM race Updates: সিদ্দাৰামাইয়াৰ গাঁও আৰু বেংগালুৰুত সমৰ্থকৰ উল্লাস

By

Published : May 18, 2023, 8:44 AM IST

একাংশ সংবাদ মাধ্যমত সিদ্দাৰামাইয়াৰ নাম মুখ্যমন্ত্ৰী হিচাপে চূড়ান্ত হোৱা বুলি বাতৰি ওলোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষীয়ান নেতাজনৰ গাঁও আৰু বেংগালুৰুৰ বাসগৃহৰ বাহিৰত তেওঁৰ সমৰ্থকসকলৰ উল্লাস (New Chief Minister for Karnataka) ৷

Karnataka CM race Updates
সিদ্দাৰামাইয়াৰ গাঁও আৰু বেংগালুৰুত সমৰ্থকৰ উল্লাস

নিউজ ডেস্ক, 18 মে’:যি সময়ত নতুন দিল্লীত কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতৃত্ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনিক লৈ ব্যস্ত আছিল তেনেসময়তে একাংশ সংবাদ মাধ্যমত সিদ্দাৰামাইয়াৰ নাম মুখ্যমন্ত্ৰী হিচাপে চূড়ান্ত হোৱা বুলি বাতৰি ওলোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষীয়ান নেতাজনৰ গাঁও আৰু তেওঁৰ বেংগালুৰুৰ বাসগৃহৰ বাহিৰত সমৰ্থকসকলে উদযাপন আৰম্ভ কৰে (Next Chief Minister of karnataka) ৷

অৱশ্যে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে, কংগ্ৰেছ দলে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত বৃহস্পতিবাৰৰ ভিতৰত লোৱাৰ কথা জানিবলৈ দিয়ে ৷ লগতে অহা 48 ঘন্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত নতুন কেবিনেটে শপত ল'ব বুলি জানিবলৈ দিয়ে দলটোৰ এক সূত্ৰই ৷

ইয়াৰ পূৰ্বে সিদ্দাৰামাইয়াৰ সমৰ্থকসকলে একাংশ সংবাদ মাধ্যমত বিদায়ী বিৰোধী দলপতিগৰাকীৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চূড়ান্ত হোৱা বুলি প্ৰচাৰ হোৱাৰ পিচত তেওঁৰ বেংগালুৰুৰ বাসগৃহৰ বাহিৰত একত্ৰিত হৈ উল্লাসিত হৈ উঠা দেখা যায় ৷ হাতত নেতাগৰাকীৰ ছবি আৰু মুখত শ্লোগানেৰে সিদ্দাৰামাইয়াৰ সমৰ্থকসকলে তেওঁৰ জয়গান কৰাৰ উপৰিও সিদ্দাৰামাইয়াৰ বিশাল কাট আউটক গাখীৰেৰে ধোৱাই হৰ্ষোল্লাস কৰাও দেখা যায় ৷

সিদ্দাৰামাইয়াৰ গৃহ জিলা মহীশূৰ আৰু নিজ গাঁও চিদ্দাৰামানাহুণ্ডিতো একে দৃশ্য পৰিলক্ষিত হয় ৷ তেওঁৰ শুভাকাংখী আৰু অনুগামীসকলে ফটকা ফুটাই, নাচি-বাগি, মিঠাই বিতৰণ কৰি আৰু পথৰ দাঁতিত থকা সিদ্দাৰামাইয়াৰ বিশাল কাট আউটক গাখীৰেৰে ধোৱাই আনন্দ প্ৰকাশ কৰে ৷

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ এই পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ৷ এই সন্দৰ্ভত এতিয়াও নতুন দিল্লীত কংগ্ৰেছ হাই কমাণ্ডৰ বৈঠক চলিয়েই আছে ৷

ইতিমধ্যে কৰ্ণাটকৰ কংগ্ৰেছ প্ৰভাৰী ৰণদীপ সুৰজেৱালাই দিল্লীত সদৰী কৰিছে যে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই সন্দৰ্ভত আলোচনা কৰি আছে ৷ যেতিয়াই কংগ্ৰেছে চূড়ান্ত সিদ্ধান্ত ল'ব আমি সকলোকে অৱগত কৰিম ৷ অহা 48 ৰ পৰা 72 ঘণ্টাৰ ভিতৰত কৰ্ণাটকত নতুন কেবিনেটে শপত ল'ব বুলিও জানিবলৈ দিয়ে সুৰজেৱালাই (Karnataka CM Decision pending) ৷

লগতে পঢ়ক:Karnataka CM Decision : সিদ্দাৰামাইয়াও নেৰে, শিৱকুমাৰেও নামানে: কপাল কাৰ ফুলিব

ABOUT THE AUTHOR

...view details