অসম

assam

ETV Bharat / bharat

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ গোচৰৰ শুনানি - Shahi Idgah Masjid

মঙলবাৰে মথুৰা জিলা আদালতত শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদৰ বিতৰ্কিত ভূমি সম্পৰ্কে শুনানি গ্ৰহণ কৰা হ'ব (Krishna Janmabhoomi Shahi Idgah dispute)। ১৩.৩৭ একৰ ভূমিক লৈ আৰম্ভ হৈছিল বিতৰ্ক । উচ্চ ন্যায়ালয়ে নিম্ন আদালতক মন্দিৰৰ পক্ষই দাখিল কৰা আবেদনৰ শুনানি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ।

krishna janmabhoomi
শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদ গোচৰৰ শুনানি

By

Published : Sep 13, 2022, 12:30 PM IST

নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ :আদালতত মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী ইদগাহ মছজিদক লৈ হোৱা বিতৰ্কক (Krishna Janmabhoomi Shahi Idgah controversy) লৈ মোকৰ্দমা চলি আছে । মঙলবাৰে এই বিতৰ্কক লৈ মথুৰা জিলা আদালতত শুনানি গ্ৰহণ কৰা হ'ব (Hearing on Krishna Janmabhoomi Shahi Idgah case)। আদালতৰ নিৰ্দেশনালৈ অপেক্ষা সকলোৰে ।

উল্লেখ্য যে বিতৰ্কৰ মাজত থকা ১৩.৩৭ একৰ ভূমিক লৈ মথুৰা আদালতত এখন আবেদন দাখিল কৰা হৈছিল । আনহাতে শ্ৰীকৃষ্ণৰ জন্মভূমিত থকা শ্বাহী ইদগাহ মছজিদৰ ভূমি দখলৰ বাবে মন্দিৰ পক্ষই আবেদন জনাইছিল ।

আবেদনকাৰীয়ে বিতৰ্কিত স্থানটোৰ ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফীও বিচাৰিছিল । গোচৰটো নিম্ন আদালতত বিচাৰাধীন হৈ আছে । কিন্তু শুনানিত বিলম্ব হোৱাৰ বাবে, আবেদনকাৰী মনীষ যাদৱে উচ্চ ন্যায়ালয়লৈ যায় । মনীষে উচ্চ ন্যায়ালয়ত একেটা দাবী উত্থাপন কৰে । পিছত আদালতে নিম্ন আদালতৰ পৰা প্ৰতিবেদন বিচাৰে ।

গোচৰটো সন্দৰ্ভত ২৯ আগষ্টত উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হৈছিল । ইফালে আদালতে নিম্ন আদালতত মন্দিৰৰ পক্ষৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ।

কোৱা হয় যে ঔৰংগজেবে শ্ৰীকৃষ্ণৰ জন্মস্থানত নিৰ্মিত প্ৰাচীন কেশৱনাথ মন্দিৰ ধ্বংস কৰিছিল আৰু ১৬৬৯-৭০ চনত একে ঠাইতে শ্বাহী ইদগাহ মছজিদ নিৰ্মাণ কৰিছিল । ১৭৭০ চনত গোবৰ্ধনত মোগল আৰু মাৰাঠাসকলৰ মাজত যুদ্ধ হয় । মাৰাঠাসকলে এই যুদ্ধত জয়ী হৈছিল । বিজয়ৰ পাছত, মাৰাঠাসকলে পুনৰ মন্দিৰটো নিৰ্মাণ কৰে ।

১৯৩৫ চনত, এলাহাবাদ উচ্চ ন্যায়ালয়ে বেনাৰসৰ ৰাজা কৃষ্ণ দাসক ১৩.৩৭ একৰ ভূমি আৱণ্টন কৰিছিল । ১৯৫১ চনত শ্ৰীকৃষ্ণ জন্মভূমি ন্যাসে সেই ভূমি অধিগ্ৰহণ কৰে ।

১৯৬৮ চনৰ ১২ অক্টোবৰত শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থানে শ্বাহী মছজিদ ইদগাহ ন্যাসৰ সৈতে এক চুক্তি কৰে । চুক্তিখনত, মন্দিৰ আৰু মছজিদ দুয়োটাই ১৩.৩৭ একৰ ভূমিত থাকিব । সমগ্ৰ বিবাদটো এই ১৩.৩৭ একৰ ভূমিক লৈয়ে আছিল । এই ভূমিৰ ভিতৰত ১০.৯ একৰ শ্ৰীকৃষ্ণ জন্মস্থানৰ পক্ষত আৰু ২.৫ একৰ শ্বাহী ইদগাহ মছজিদৰ পক্ষত আছে ।

এই চুক্তিত, মছজিদ পক্ষই মন্দিৰৰ বাবে তেওঁলোকৰ কিছু অংশ এৰি দিছিল আৰু তাৰ বিনিময়ত মছজিদ পক্ষক তেওঁলোকৰ সমীপৰ কিছু ঠাই দিয়া হৈছিল । এতিয়া মন্দিৰ পক্ষই সমগ্ৰ ১৩.৩৭ একৰ ভূমি দখল কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক :বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা ত্ৰিপুৰাত উন্নতি হৈছে : মাণিক সাহা

ABOUT THE AUTHOR

...view details