নেশ্যনেল ডেস্ক,১০ এপ্ৰিল :ডিব্ৰুগড়ত উপস্থিত শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ অধিবক্তাৰ দল (SGPC lawyers reached Dibrugarh)। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা অমৃতপাল সিঙৰ সহযোগীসকলক সাক্ষাৎ কৰিব অধিবক্তাৰ দলটোৱে । ইফালে শিৰোমণি সমিতিয়ে ঘোষণা কৰিছিল যে অমৃতপাল গোচৰত গ্ৰেপ্তাৰ হোৱা শিখ যুৱকসকলৰ হৈ তেওঁলোকে ওকালতি কৰিব । ইফালে গোচৰটো সম্পৰ্কত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ ৮ সহযোগীক সাক্ষাৎ কৰিব দলটোৱে ।
অধিবক্তা ভগৱন্ত সিং শিয়ালকাৰ নেতৃত্বত গঠন কৰা হৈছে দলটো । অধিবক্তা ভগৱন্ত সিং শিয়ালকাৰ নেতৃত্বৰ এই দলটোৰ অধিবক্তা ডিব্ৰুগড়ত উপস্থিত হয় । শিৰোমণি সমিতিৰ সভাপতি অধিবক্তা হৰজিন্দৰ সিং ধামীয়ে এই সন্দৰ্ভত কয় যে পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকসকলক যেতিয়া ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । তেওঁ গোচৰটো অনুসৰণ কৰিবলৈ শিৰোমণি সমিতিৰ অধিবক্তাৰ এটা দল প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।
ইফালে শিৰোমণি সমিতিৰ অনুৰোধত দীপ সিদ্ধুৰ ভাতৃ মনদীপ সিদ্ধুকো এইটো দলত অন্তৰ্ভুক্ত কৰা হৈছে । যদিও দীপ সিদ্ধুৰ ভাতৃ মনদীপ সিং সিদ্ধুৱে অমৃতপাল সিঙৰ বিৰোধিতা কৰি আহিছে, তেওঁ শিৰোমণি সমিতিৰ অনুৰোধত গ্ৰেপ্তাৰ হোৱা শিখ যুৱকসকলক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হৈছে (SGPC lawyers to meet arrested Sikh youth)। ইয়াৰ লগতে, অধিবক্তা ৰোহিত শৰ্মাও তেওঁৰ সৈতে আছে ।