নেশ্যনেল ডেস্ক, 24 অক্টোবৰ:পূজা মণ্ডপত শোকাৱহ দুৰ্ঘটনা ৷বিহাৰত নৱমী পূজাৰ দিনা সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ গোপালগঞ্জৰ ৰাজা দল এলেকাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ৷ ঘটনা সন্দৰ্ভত গোপালগঞ্জৰ জিলা দণ্ডাধীশ নৱল কিশোৰ চৌধুৰীয়ে জনোৱা মতে, দুৰ্গোৎসৱৰ উদযাপন চলি থকাৰ মাজতে ভিৰৰ মাজত শিশুটি বাগৰি পৰি যায় ৷ উক্ত শিশুটিক বচাবলৈ চেষ্টা কৰি দুগৰাকী মহিলাও ভিৰৰ মাজত পৰে আৰু আটাইকেইজনৰে কৰুণ মৃত্যু ঘটে ।
জিলা দণ্ডাধীশগৰাকীয়ে কয়, "আজি দুৰ্গা নৱমী হোৱাৰ বাবে ৰাজ্যৰ কেইবাটাও স্থানত নিৰ্মাণ কৰা হৈছে পূজাৰ পেণ্ডেল । পেণ্ডেলত হোৱা অত্যাধিক ভিৰৰ বাবে এটা শিশু বাগৰি পৰে আৰু তেওঁক বচাবলৈ চেষ্টা কৰা দুগৰাকী মহিলাও বাগৰি পৰে আৰু উঠিব নোৱাৰিলে । 200 মিটাৰ দূৰত্বত অৱস্থিত এখন চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় তেওঁলোকৰ । আমি সেই স্থানত উপস্থিত আছো ৷ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।"