অসম

assam

ETV Bharat / bharat

Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু - 3 killed as earthquake hits Nepal

পুনৰ ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰতৰ ৰাজধানী নতুন দিল্লীত (Earthquake in Nepal and Delhi) ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলৰ ডোটি জিলাত মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷ ইফালে, নতুন দিল্লীত বুধবাৰে পুৱতি নিশা প্ৰায় 1:57 বজাত অহা ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল ৷

several-people-dead-after-3-tremors-in-past-24-hours-hit-far-west-nepal
ভূমিকম্পৰ কঁপনিত কঁপি উঠিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰতৰ ৰাজধানী

By

Published : Nov 9, 2022, 7:41 AM IST

Updated : Nov 9, 2022, 8:51 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ:পুনৰ ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ৷ মঙলবাৰৰ পৰা ক্ৰমাগতভাৱে অহা তিনিটাকৈ সৰু-বৰ ভূমিকম্পই কঁপাই গ’ল নেপাল ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলত যোৱা মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷

আনফালে, এন এছ চিৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 4.1 ৰিখটাৰ স্কেল ৷ ডোটি জিলাৰ পূৰবিচৌকী গাঁৱৰ পৰিষদ-০৩ৰ সভাপতি ৰাম প্ৰসাদ উপাধ্যায়ে জনোৱা মতে, বুধবাৰে নিশা (স্থানীয় সময় অনুসৰি) প্ৰায় ২:১২ বজাত অহা আন এটা ভূমিকম্পৰ ফলত অঞ্চলটোত এটা ঘৰ ভাঙি 6 জন লোকৰ মৃত্যু হয় (6 killed as earthquake hits Nepal) ।

লগতে ৫ জন লোক আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে আহত কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ ইফালে বিষয়াসকলৰ মতে, নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশুও আছে (Death toll from house collapse incident in Nepal) । তাৰোপৰি ভূমিকম্পৰ ফলত কেবাটাও ঘৰ ভাঙি চূৰমাৰ হয় ৷

ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নেপাল সেনাবাহিনীক সংগঠিত কৰি অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯ অক্টোবৰত কাঠমাণ্ডুত ৫.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । জানিব পৰা মতে, এই ভূমিকম্পই উত্তৰ ভাৰতৰ বহু কেইখন চহৰকো কঁপাই তোলে ৷ আনকি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ লাহোৰ, তিব্বতৰ লাছা আৰু বাংলাদেশৰ ঢাকাতো এই ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল ।

ভাৰতৰ নতুন দিল্লীতো বুধবাৰে পুৱতি নিশা কম্পন অনুভৱ হয় (Earthquake in Nepal and Delhi) ৷ নিশা প্ৰায় 1:57 বজাত অহা এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল (6.3 on Richter scale) ৷ মনকৰিবলগীয়া যে, বিগত 2015 চনত নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু পোখৰা চহৰৰ মাজত প্ৰায় 7.8 ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল ৷ এই ভূমিকম্পৰ ফলত প্ৰায় 8,964 জন লোক নিহত হৈছিল ৷ ইয়াৰ বিপৰীতে প্ৰায় 22,000 জন লোক আহত হৈছিল ৷

ইফালে, ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৩১ জুলাইৰ পুৱা ৮.১৩ বজাত খোটাং জিলাৰ মাৰ্টিম বিৰতাৰ আশে-পাশে নেপালৰ কাঠমাণ্ডুৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত ৬.০ প্ৰাৱল্যৰ ভূমিকম্প সংঘটিত হৈছিল ৷ ২৭.১৪ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৬.৬৭ ডিগ্ৰী পূব দ্ৰাঘিমাংশত নিৰ্ণয় কৰা পূব নেপালত ১০ কিলোমিটাৰত ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা নিৰীক্ষণ কৰা হৈছিল ।

লগতে পঢ়ক:DAC poll 2022: 79.99 শতাংশ ভোট দানেৰে অন্ত পৰিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

Last Updated : Nov 9, 2022, 8:51 AM IST

ABOUT THE AUTHOR

...view details