অসম

assam

ETV Bharat / bharat

Bomb blast in North Waziristan: বোমা বিস্ফোৰণত পাকিস্তানত মৃত্যু 11 জনকৈ শ্ৰমিকৰ - bomb blast in North Waziristan pakistan

পাকিস্তানৰ তহচিল শ্বাৱাল উত্তৰ ৱাজিৰস্তানৰ গুলমিৰ কোটত বোমা বিস্ফোৰণ ৷ কেবাজনো লোক আহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ৷

Bomb blast in North Waziristan
বোমা বিস্ফোৰণত পাকিস্তানত মৃত্যু 11 জনকৈ শ্ৰমিকৰ

By

Published : Aug 20, 2023, 8:52 AM IST

Updated : Aug 20, 2023, 10:03 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট:পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ ৷দেশখনৰতহচিল শ্বাৱাল উত্তৰ ৱাজিৰস্তানৰ গুলমিৰ কোটত সংঘটিত হোৱা বোমা বিস্ফোৰণত 11 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে দুজন শ্ৰমিক আহত হয় বুলি জানিব পৰা গৈছে । উত্তৰ ৱাজিৰিষ্টানত এখন ভানত বোমাটো বিস্ফোৰণ হোৱাৰ ফলত 11 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন শ্ৰমিক আহত হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

যোৱা মাহৰ আৰম্ভণিতে খাইবাৰ পখতুনখোৱাৰ বাজাউৰ জিলাৰ খাৰ তহচিলত সংঘটিত হোৱা বোমা বিস্ফোৰণত কমেও 63 জন শ্ৰমিক আৰু নেতা নিহত হোৱাৰ লগতে 111 জনতকৈ অধিক লোক আহত হৈছিল । উল্লেখ কৰা প্ৰয়োজন যে, জমিয়ত উলেমা-ই-ইছলাম ফাজলৰ শ্ৰমিক সন্মিলনক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু আৰক্ষীৰ দল উপস্থিত হৈ আহত লোকসকলক সমীপৰ চিকিৎসালয়লৈ লৈ যায় ৷ জানিব পৰা মতে নাড্ৰা কাৰ্যালয়ৰ সমীপত শ্বাণ্ডে ম’ৰত অনুষ্ঠিত হোৱা জুই-এফৰ কৰ্মী অধিৱেশনত প্ৰায় 400 লোকে অংশগ্ৰহণ কৰিছিল । আইন প্ৰয়োগকাৰী সংস্থাই ঘেৰি ধৰিলে অঞ্চলটো ।

বোমা বিস্ফোৰণৰ ফলত জুই-এফ খাৰ আমিৰ মৌলানা জিয়াউল্লাহ জান আৰু হামিদুল্লা নিহত হয় । আহতসকলৰ ভিতৰত এটা ব্যক্তিগত নিউজ চেনেলৰ কেমেৰামেন ছামিউল্লাহও আছিল বুলি জানিব পৰা গৈছে ।

তত্বাৱধায়ক কে পি তথ্য মন্ত্ৰীয়ে কয় যে, বোমা বিস্ফোৰণত 150 জনতকৈ অধিক লোক আহত হৈছে । বাজৌৰ আৰু নিকটৱৰ্তী অঞ্চলৰ চিকিৎসালয়সমূহ হাই এলাৰ্টত জাৰি কৰাৰ লগতে গুৰুতৰভাৱে আহত লোকক পেছাৱৰলৈ স্থানান্তৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Terrorists in Pakistan: পাকিস্তানত পুনৰ সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

Last Updated : Aug 20, 2023, 10:03 AM IST

ABOUT THE AUTHOR

...view details