নিউজ ডেস্ক, 29 মে’:কৰ্ণাটৰ মহীশূৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে (Karnataka car bus collision) ৷ সোমবাৰে কৰ্ণাটকৰ মহীশূৰৰ টি নৰসীপুৰা তালুকত এখন ব্যক্তিগত বাহন আৰু ব্যক্তিগত বাছৰ মুখামুখি সংঘৰ্ষত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে কমেও তিনিজন লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে (10 killed in Road mishap) ৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত বাছখনৰ খুন্দাত ভাঙি চূৰমাৰ হৈ যায় ব্যক্তিগত চাৰিচকীয়া বাহনখন (3 injured in road accident) ৷ ইতিমধ্যে এই দুৰ্ঘটনাত দুয়োখন বাহনতে থকা আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসাৰ বাবে সমীপৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (Bus car collision in Karnataka) ৷
আহত যাত্ৰীসকল ৪৫ বছৰীয়া জনাৰ্দন, চাৰি বছৰীয়া পুনীথ আৰু ২৪ বছৰীয়া শশী কুমাৰ বুলি চিনাক্ত কৰা হৈছে । প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি পথটোৰ কেইবাটাও ক্ৰছিঙত গছ-গছনিয়ে আৱৰি থকাৰ বাবে কেতিয়াবা সন্মুখভাগ নেদেখা হৈ পৰে ৷ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সম্ভাৱনা অধিক ৷