নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ :শেহতীয়াকৈ দেশত পুনক ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে । যোৱা ২-৩ টা দিনত বিভিন্ন ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰ মাজতে কৰ্ণাটকত ৩ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সোমবাৰে ৰাজ্যখনত ১২৫ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । আনহাতে হাছান, দক্ষিণ কানাড়া আৰু বেংগালুৰু চহৰত সংক্ৰমিত ৩ গৰাকী লোকৰ মৃত্যু হৈছে ।
বৰ্তমান ৰাজ্যখনত ৪৩৬ টা সক্ৰিয় ঘটনা আছে । ইয়াৰ ভিতৰত ৪০০ গৰাকী লোক ঘৰতে কোৱাৰেণ্টাইনত আছে। আনহাতে ৩৬গৰাকী লোক চিকিৎসাধীন হৈ আছে । ৭ গৰাকী লোকে আইচিইউত আৰু ২৯ গৰাকী সাধাৰণ ৱাৰ্ডত চিকিৎসা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে ।
বেংগালুৰু চহৰত ৯৪ গৰাকী, মহীশূৰত ১৩ গৰাকী, দক্ষিণ কানাড়া আৰু হাছানত ৫ গৰাকী, বিজয়নগৰ আৰু শিমোগাত ২ গৰাকীকৈ আৰু বেল্লাৰী, চিক্কাবাল্লাপুৰ আৰু চিত্ৰদুৰ্গাত এজনকৈ লোক ক'ভিডৰ চিকাৰ হৈছে ।
হাছান জিলাত ক'ভিড মিউটেন্ট প্ৰকাৰৰ চিকাৰ হৈ প্ৰথমগৰাকী লোকৰ মৃত্যু হৈছে । নতুন প্ৰকাৰ জে.এন-১ ৰ চিকাৰ হৈ এগৰাকী বৃদ্ধ লোকৰ মৃত্যু হোৱাৰ লগে লগে জিলাখনত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মতে মৃত লোকজন চান্নাৰায়াপাটনাৰ বাসিন্দা আছিল। আনহাতে তেওঁ আন ৰোগতো আক্ৰান্ত আছিল ।