অসম

assam

ETV Bharat / bharat

Colleague opens fire : সেনাৰ বিৰুদ্ধে চলিল সেনাৰ গুলী, এজনৰ অৱস্থা সংকটজনক - Colleague opens fire in JK Rajouri

সেনাই চলালে সেনাৰ বিৰুদ্ধে গুলী ৷ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷ ঘটনাৰ ফলত তিনিজন বিষয়াসহ কমেও পাঁচজন সেনা জোৱান আহত হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । এগৰাকী কমাণ্ডৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

Colleague opens fire
সেনাৰ বিৰুদ্ধে চলিল সেনাৰ গুলী

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:03 AM IST

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ:জম্মু-কাশ্মীৰৰ এক সেনা শিবিৰত চাঞ্চল্যকৰ ঘটনা ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নহয় এইবাৰ সেনাই চলালে সেনাৰ বিৰুদ্ধে গুলী ৷ৰাজ্যখনৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰৰ ভিতৰত বৃহস্পতিবাৰে এজন বিষয়াই গুলীচালনা আৰু গ্ৰেনেড বিস্ফোৰণ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ ফলত তিনিজন বিষয়াসহ কমেও পাঁচজন সেনা জোৱান আহত হয় বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে । এই ঘটনাই সম্প্ৰতি দেশত লাভ কৰিছে বিশেষ চৰ্চা ৷

মেজৰ পদবীৰ বুলি কোৱা বিষয়াজনে গুলীচালনাৰ অনুশীলনৰ সময়ত প্ৰৰোচিত নোহোৱাকৈ সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰে আৰু তাৰ পিচত ইউনিটটোৰ অস্ত্ৰভাণ্ডাৰত আশ্ৰয় লয় ৷ আনকি বিষয়াজনক বুজাবলৈ চেষ্ঠা কৰা তথা আত্মসমৰ্পণ কৰিবলৈ কোৱা উৰ্ধতন বিষয়াসকললৈ গ্ৰেনেড নিক্ষেপ কৰে বুলি সূত্ৰই জনায় ।

প্ৰায় আঠ ঘণ্টা ধৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰলৈ আহে । জিলাখনৰ থানামণ্ডীৰ সমীপৰ নীলী পোষ্টত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো । উল্লেখ্য যে, অভিযুক্তজনে নিক্ষেপ কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলত তিনিওজনকৈ বিষয়া আহত হয় আৰু ইউনিটটোৰ দ্বিতীয় কমাণ্ডৰ অৱস্থা সংকটনক বুলি জানিব পৰা গৈছে ।

অভিযুক্তৰ নিৰ্বিচাৰ গুলীচালনাত আন দুজন জোৱানো আহত হয় বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে । এই ঘটনা সন্দৰ্ভত জম্মুস্থিত প্ৰতিৰক্ষাৰ পি আৰ অ’ লেফটেনেণ্ট কৰ্ণেল সুনীল বৰতৱালে এক বাৰ্তাযোগে কয়, "জেনেৰেল এৰিয়া ৰাজৌৰীত সেনা শিবিৰত কিছু গুলীচালনা/সন্ত্রাসবাদী আক্রমণ সন্দর্ভত মই অৱগত হৈছো । মই আপোনালোকক জনাব বিচাৰিছো যে ইয়াত কোনো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা নাই ৷ ই শিবিৰৰ এক দুৰ্ভাগ্যজনক আভ্যন্তৰীণ ঘটনা’’ ।

লগতে পঢ়ক:Manish Sisodia bail plea: দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত EDৰ গোচৰৰ ওপৰত সন্দেহ সৰ্বোচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details