অসম

assam

ETV Bharat / bharat

জ্যেষ্ঠ IPS দিনকৰ গুপ্তাক NIAৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএৰ সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে জ্যেষ্ঠ আইপিএছ বিষয়া দিনকৰ গুপ্তাক (Dinkar Gupta appointed as NIA Chief)। গুপ্তা পঞ্জাৱ কেডাৰৰ ১৯৮৭-বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া । IPS বিষয়া স্বাগৰ দাসক গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিব (আভ্যন্তৰীণ সুৰক্ষা) হিচাপে নিযুক্তি দিয়া হৈছে ।

By

Published : Jun 23, 2022, 9:04 PM IST

NIA
জ্যেষ্ঠ IPS দিনকৰ গুপ্তাক NIAৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক,২৩ জুন :জ্যেষ্ঠ আইপিএছ বিষয়া দিনকৰ গুপ্তাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি (Senior IPS officer Dinkar Gupta appointed NIA chief)। বৃহস্পতিবাৰে কৰ্মচাৰী মন্ত্ৰালয়ৰ এক বিবৃতিত এই নিযুক্তিৰ কথা প্ৰকাশ কৰা হৈছে । গুপ্তা হৈছে পঞ্জাৱ কেডাৰৰ ১৯৮৭-বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) বিষয়া ।

কেবিনেটৰ নিযুক্তি সমিতিয়ে গুপ্তাক ২০২৪ ৰ ৩১ মাৰ্চলৈকে অৰ্থাৎ তেওঁৰ অৱসৰৰ দিনটোলৈ এনআইএৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে ।

আন এক নিৰ্দেশনাযোগে, IPS বিষয়া স্বাগৰ দাসক গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিব (আভ্যন্তৰীণ সুৰক্ষা) হিচাপে নিযুক্তি দিয়া হৈছে (Swagar Das appointed as Special Secretary in Home Ministry)। ছট্টীশগড় কেডাৰৰ ১৯৮৭ বেটচৰ আইপিএছ বিষয়া দাস বৰ্তমান চোৰাংচোৱা ব্যুৰ'ৰ বিশেষ সঞ্চালক । দাসক তেওঁৰ অৱসৰৰ দিন অৰ্থাৎ ৩০ নৱেম্বৰলৈকে এই পদত নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক :India Covid Case: দেশত সক্ৰিয় কৰোনা ৰোগী ৮৩৯৯০লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details