আগৰতলা,24 মে’:দেওবাৰে টিপ্ৰা মুথাৰ সমৰ্থক বুলি দাবী কৰা দুৰ্বৃত্তৰ এটা দলে আইপিএফটিৰ উপ-সভাপতি কৃষ্ণকান্ত জামাতিয়াৰ বাসগৃহত আক্ৰমণ চলায় ৷ এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ এক সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, একাংশ উত্তেজিত জনতাই কিল্লা অঞ্চলত জামাতিয়াৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷
ঘটনা সন্দৰ্ভত আইপিএফটিৰ সমৰ্থকসকলে এনেদৰে কয়, "নিৰ্বাচনৰ বিজয়ৰ পিছত টিপ্ৰা মুথা অতি অসহিষ্ণু হৈ পৰিছে ৷ তেওঁলোকে এতিয়া বিৰোধীক সম্পূৰ্ণৰূপে আঁতৰাবলৈ চেষ্টা কৰি আছে ৷ যি ৰাজ্যখনৰ গণতান্ত্ৰিক দিশৰ বাবে বিপদজনক ৷ জ্যেষ্ঠ নেতা জামাতিয়াৰ ওপৰত কৰা আক্ৰমণ তেওঁলোকৰ ৰণনীতিৰ কেৱল এটা অংশ"।