নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ :উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ ৰাজনৈতিক দলসমূহেও আৰম্ভ কৰিছে ৰাজনীতি । ইয়াৰ মাজতে পুনৰ এবাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা কপিল ছিব্বালে । ঘটনাক লৈ নীৰৱতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) প্ৰশ্ন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।
হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে কিয় নীৰৱ ভূমিকা পালন কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেতাগৰাকীয়ে । কংগ্ৰেছ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰীৰ মাত্ৰ এটা সহানুভূতি পালেই যথেষ্ট হ'ব । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে প্ৰশ্ন কৰি কয় যে যদি মোডী বিৰোধী দলত থাকিলহেতেন তেতিয়া তেওঁৰ প্ৰতিক্ৰিয়া কেনে হ'লহেতেন ? প্ৰধানমন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰো বিচাৰিলে জ্যেষ্ঠ কংগ্ৰেছীগৰাকীয়ে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও লখিমপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতাজনে । ঘটনাৰ স্বপ্ৰণোদিত পদক্ষেপৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল ছিব্বালে । পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে ঘটনাটোত পূৰ্ণ হস্তক্ষেপ কৰাত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশক ধন্যবাদো জ্ঞাপন কৰিছিল । সমান্তৰালকৈ বুধবাৰে বিৰোধী কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী (Rahul Gandhi) আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Priyanka Gandhi Vadra) লখিমপুৰ খেৰীৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে ।