অসম

assam

ETV Bharat / bharat

এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ পদত অধিষ্ঠিত হ'ব নয়ডাৰ মহিলা ! - নয়ডা আৰক্ষী

নাৰী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় মহিলাৰ পৰামৰ্শ বিচাৰিছে নয়ডা আৰক্ষীয়ে । গ্ৰহণযোগ্য পৰামৰ্শ দিয়া মহিলা তথা সৰ্বশ্ৰেষ্ঠৰ খিতাপ লাভ কৰা মহিলাগৰাকীক নয়ডা আৰক্ষীয়ে এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ পদত অধিষ্ঠিত হোৱাৰ সুযোগ প্ৰদান কৰিব । আনহাতে, উচিত পৰামৰ্শ আগবঢ়াই শীৰ্ষ স্থান লাভ কৰা আন তিনিগৰাকী মহিলাক ৫ হাজাৰ টকা পৰ্যন্ত নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়াৱ নয়ডা আৰক্ষীয়ে ।

নাৰী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় মহিলাৰ পৰামৰ্শ বিচাৰিছে নয়ডা আৰক্ষীয়ে
নাৰী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় মহিলাৰ পৰামৰ্শ বিচাৰিছে নয়ডা আৰক্ষীয়ে

By

Published : Mar 4, 2021, 7:07 PM IST

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: নাৰী সুৰক্ষা আৰু সবলীকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ পূৰ্বে এতিয়া নয়ডা আৰক্ষীয়ে স্থানীয় বাসিন্দাৰ সু-পৰামৰ্শ বিচাৰিছে । বৃহস্পতিবাৰে আৰক্ষীয়ে ঘোষণা কৰা মতে, পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বুলি বিবেচিত হোৱা মহিলাগৰাকীক এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ আসন শুৱনি কৰি দায়িত্ব পালনৰ সুযোগ প্ৰদান কৰা হ'ব ।

পুৰুষ আৰু মহিলা উভয়ে এই বিষয়ত পৰামৰ্শ আগবঢ়াৱ পাৰিব যদিও কেৱল মহিলাকহে প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ দিয়া হ'ব । আৰক্ষী উপায়ুক্ত(মহিলা সুৰক্ষা) বৃন্দা শুক্লাই জনোৱা মতে, অহা ৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক মহিলা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিকল্পনা কৰিছে নয়ডা আৰক্ষীয়ে । আনহাতে, প্ৰতিযোগিতাত শীৰ্ষ স্থান লাভ কৰা আন তিনিগৰাকী মহিলাক ক্ৰমান্বয়ে ৫ হাজাৰ টকা, ৩ হাজাৰ টকা আৰু ২ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব ।

বৃন্দা শুক্লাই কয় যে, কেৱল মহিলা নহয়, গৌতম বুদ্ধ নগৰ জিলাৰ যিকোনো ব্যক্তিয়ে মহিলা সুৰক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত জিলাখনত কৰিবলগীয়া কামৰ বিষয়ে পৰামৰ্শ দিব পাৰিব । পৰামৰ্শসমূহ "dcp-polws.gb@up.gov.in" লৈ ই-মেইল কৰি অথবা অহা ৭ মাৰ্চ পৰ্যন্ত 9870395200 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব পাৰিব ।

পৰামৰ্শ প্ৰেৰণ কৰাসকলে তেওঁলোকৰ ই-মেইল বা হোৱাটছএপ বাৰ্তাত তেওঁলোকৰ নাম, ঠিকনা আৰু টেলিফোন নম্বৰ স্পষ্টভাৱে উল্লেখ কৰিব লাগিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে । এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ পদত অধিষ্ঠিত হোৱাৰ সুযোগ কোনে গ্ৰহণ কৰিব পাৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:WATCH: প্ৰতিৰক্ষাৰ বাবে বন্ধুকধাৰীৰ ওপৰত গুলীবৰ্ষণ ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details