নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ :ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক পৰ্যায়ত সৃষ্টি হোৱা উত্তেজনাৰ পাছতে মঙলবাৰে কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ কেইবাগৰাকী জোৱানক কানাডিয়ান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত মোতায়েন কৰা হয় ।
কানাডাই ভাৰতীয় কূটনীতিবিদক প্ৰথমে বহিষ্কাৰ কৰে আৰু তাৰ কেইঘণ্টামান পাছতে ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও কানাডিয়ান জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰে । ইফালে ভাৰতত কানাডিয়ান উচ্চায়ুক্ত কেমেৰুন মেকেক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় চাউথ ব্লকলৈ মাতি অনাও হয় ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কানাডাৰ উচ্চায়ুক্তক মাতি পঠোৱা হৈছে আৰু ভাৰতত এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সেই কূটনীতিবিদজনক অহা ৫ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈও কোৱা হৈছে । দুয়োখন দেশৰ এনে সিদ্ধান্তই সকলোকে উদ্বিগ্ন কৰি তুলিছে । ইফালে যিকোনো উদ্বিগ্ন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কানাডিয়ান উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।