গ্ৰীষ্মকালত উৎকট গৰমত ভাৰতত গৰমৰ ঢৌৰ আগমন নতুন কথা নহয়, কিন্তু এইবাৰ খোদ এপ্ৰিল মাহত পাৰা ৪০ পাৰ হোৱাটোৱে নিশ্চিতভাৱে চিন্তাৰ সৃষ্টি কৰিছে । জুইকুৰাৰ গৰমৰ বাবে আমাৰ শৰীৰেও উষ্ণতা বজাই ৰাখিবলৈ সংগ্ৰাম কৰে, যাৰ ফলত স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে । এই সময়ছোৱাত হিট ষ্ট্ৰ’ক, ডিহাইড্ৰেচন, ক্লান্তি, ডায়েৰিয়া, বিভ্ৰান্তি আৰু হিট ক্ৰেম্প সাধাৰণ স্বাস্থ্যজনিত সমস্যা হৈ পৰে । এই সময়ত বহু লোকো গুৰুতৰভাৱে অসুস্থ হৈ পৰে (heat stroke treatment) ।
হিট ষ্ট্ৰ’ক হ’লে তাৎক্ষণিকভাৱে চিকিৎসাৰ প্ৰয়োজন হয় । চিকিৎসা নকৰিলে ই আপোনাৰ মগজু, হৃদযন্ত্ৰ, বৃক্ক আৰু পেশীৰ বেয়াকৈ ক্ষতি কৰিব পাৰে । চিকিৎসা বিচাৰি যিমানেই বেছি সময় অপেক্ষা কৰিব সিমানেই আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব । ইয়াৰ লগত জড়িত জটিলতাইও মৃত্যুৰ কাৰণ হ’ব পাৰে(What are 3 signs of heat exhaustion)।
হিট ষ্ট্ৰ’কৰ লক্ষণ যিবোৰ আপুনি আওকাণ কৰিব নালাগে
১) শৰীৰৰ উষ্ণতা বৃদ্ধি
শৰীৰৰ উষ্ণতা ১০৪ ডিগ্ৰী বা তাতকৈ অধিক হ’লে হিট ষ্ট্ৰ’কৰ লক্ষণ(signs of a heat stroke in adults) । এনে হ’লে ব্যক্তিজনক তৎক্ষণাত চিকিৎসালয়লৈ নিব লাগে(What does a mild heat stroke feel like)।
২) হৃদস্পন্দন বৃদ্ধি
শৰীৰৰ উষ্ণতা বৃদ্ধিৰ বাবে হৃদস্পন্দন বৃদ্ধি পায় ।
৩) দ্ৰুত উশাহ লোৱা
উষ্ণতা বৃদ্ধি হ’লে শৰীৰে নিজকে শীতল কৰি ৰাখিবলৈ অধিক উশাহ লয় । এনে পৰিস্থিতিত আপুনি দ্ৰুত উশাহ ল’বলৈ আৰম্ভ কৰে । শৰীৰৰ উষ্ণতা বৃদ্ধি হ’লেও হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে । কাৰণ স্বাভাৱিকভাৱে শৰীৰৰ উষ্ণতা শীতল কৰিবলৈ হৃদযন্ত্ৰই তেজ দ্ৰুত আৰু ক্ষীপ্ৰতাৰে পাম্প কৰিব লগা হয় । যাৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে ।
৪) কোনো কথা বুজি নোপোৱা
হিট ষ্ট্ৰোকে মগজুৰ কাম-কাজতো প্ৰভাৱ পেলায়, যাৰ ফলত বিভ্ৰান্তি, ভাৰসাম্যহীনতা আনকি আক্ৰমণো হ’ব পাৰে । ব্যায়ামৰ ফলত হোৱা হিট ষ্ট্ৰ’কে আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক বিঘ্নিত কৰে, গতিকে সমন্বয়ৰ অভাৱ, দিশহাৰা হোৱা, খং বা লৰচৰ কৰিব নোৱাৰাটো প্ৰধান সতৰ্কবাণী হ’ব পাৰে ।