অসম

assam

ETV Bharat / bharat

ৰাজ্যসমূহক Aviation Fuelৰ ভেট হ্ৰাসৰ আহ্বান বিমান পৰিবহণ মন্ত্ৰীৰ - পাইলটৰ প্ৰশিক্ষণ

দেশত বিমানৰ চলাচল বৃদ্ধিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । কিন্তু জেট ইন্ধনৰ ক্ষেত্ৰত থকা ৰাজ্যসমূহৰ ভেটৰ গাঁথনিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে । যাৰ বাবে সকলো ৰাজ্যকে ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী (Civil Aviation Minister) জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia)।

Aviation Fuel
ৰাজ্যসমূহক Aviation Fuelৰ ভেট হ্ৰাসৰ আহ্বান বিমান পৰিবহণ মন্ত্ৰীৰ

By

Published : Nov 20, 2021, 10:59 AM IST

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ :নতুন দিল্লীত শুকুৰবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰীসকলৰ এক বিশেষ সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত উপস্থিত থাকে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী (Civil Aviation Minister) জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia) । এই সন্মিলনতে জেট ইন্ধনৰ (ATF) ওপৰত মূল্য সংযোজন কৰ (VAT) হ্ৰাস কৰিবলৈ ৰাজ্যসমূহলৈ বিশেষ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে । বিমানৰ চলাচল বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ।

সন্মিলনত ভাষণ দি সিন্ধিয়াই কয় যে, দেশত প্ৰায় ৯,৫০০ গৰাকী পাইলটৰ (Pilots) প্ৰয়োজন আৰু ৪০ শতাংশতকৈও অধিক পাইলট প্ৰশিক্ষণৰ বাবে বিদেশলৈ যায় । তাৰ মাজতে আকৌ ফৰেক্স আউটগো (forex outgo) আছে । এগৰাকী পাইলটৰ প্ৰশিক্ষণ ব্যয় প্ৰায় ১.৫ কোটিৰ পৰা ২ কোটি পৰ্যন্ত হয় । সেয়ে তেওঁ কয় যে উৰণ আৰু পাইলটৰ প্ৰশিক্ষণ ভাৰতলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে ।

ইফালে বৃহস্পতিবাৰে অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত এছিয়াৰ সৰ্ববৃহৎ অনুষ্ঠান উইংছ ইণ্ডিয়াৰ (Wings India) এক অনুষ্ঠানত উপস্থিত থাকি সিন্ধিয়াই কৈছিল যে ইতিমধ্যে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে বিমান টাৰ্বাইন ইন্ধনৰ (ATF) ওপৰত তেওঁলোকৰ ভেট হ্ৰাস কৰিছে ।

মন্ত্ৰীগৰাকী আশাবাদী যে, আন ৰাজ্যসমূহেও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব । কিয়নো তেওঁৰ মতে জেট ইন্ধনৰ ক্ষেত্ৰত বৰ্তমানৰ কৰ গাঁথনিয়ে অসামৰিক বিমান পৰিবহণ খণ্ডক শক্তিশালী কৰিব নোৱাৰে ।

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উল্লেখ কৰা মতে ভাৰতীয় অসামৰিক বিমান পৰিবহণ উদ্যোগ বিগত বছৰবোৰত যথেষ্ট পৰিমাণে পৰিৱৰ্তন হৈছে আৰু দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে । ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লোকসকলে ভাৰতত বৃহৎ ব্যৱসায় আৰু পৰ্যটনৰ সুযোগ লাভ কৰিছে । তেওঁৰ মতে ভাৰতীয় বিমান উদ্যোগে বিশ্বৰ আটাইতকৈ লাভজনক বিমান বজাৰৰ ভিতৰত অন্যতম হোৱাৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে । মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় যে ভাৰতে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছতে তৃতীয় সৰ্ববৃহৎ ঘৰুৱা যান-বাহন পৰিচালনা কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত

ABOUT THE AUTHOR

...view details