অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ বিমানবন্দৰৰ বাবে ৪৯০ কোটি টকা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ - Narendra Modi

ত্ৰিপুৰাৰ এম বি বি বিমানবন্দৰ সামগ্ৰিক বিকাশৰ বাবে ৪৯০ কোটি টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ঘোষণা কৰিছে এই কথা । বিমানবন্দৰটোৰ বাবে পুঁজি আবণ্টন দিয়াৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক ধন্যবাদ জ্ঞাপন কৰে ।

Scindia announces RS 490 crore for MBB airport
ত্ৰিপুৰাৰ বিমানবন্দৰৰ বাবে ৪৯০ কোটি টকা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

By

Published : Sep 10, 2021, 10:15 AM IST

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: অচিৰেই অধিক উন্নত ৰূপত সজাই তোলা হ'ব ত্ৰিপুৰা(Tripura)ৰ এম বি বি বিমানবন্দৰ(MBB AIRPORT) । কেন্দ্ৰীয় চৰকাৰে এম বি বি বিমানবন্দৰৰ উন্নয়নৰ বাবে আগবঢ়াব ৪৯০ কোটি টকা । নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া(Jyotiraditya Scindia)ই এই কথা ঘোষণা কৰিছে ।

তেওঁ কয় যে, আগৰতলাৰ এম বি বি বিমানবন্দৰৰ সামগ্ৰিক বিকাশৰ বাবে ৪৯০ কোটি টকা বিনিয়োগ কৰা হ'ব । বৰ্তমান বিমানবন্দৰটোত প্ৰতি ঘণ্টাত ৫০০ গৰাকী যাত্ৰীৰ বাবে সুবিধা উপলব্ধ । নতুনকৈ কেন্দ্ৰই ৪৯০ কোটি টকা আগবঢ়োৱাৰ পিছত প্ৰতি ঘণ্টাত ১২০০ গৰাকী যাত্ৰীক সেৱা আগবঢ়াৱ পৰা যাব । কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই তেওঁৰ মন্ত্ৰালয়ৰ ১০০ দিনৰ পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰাৰ সময়ত এই কথা প্ৰকাশ কৰে ।

তেওঁ কয় যে, এই নতুন বিনিয়োগৰ সৈতে এম বি বি বিমানবন্দৰৰ ক্ষমতা ২.৫ গুণ বৃদ্ধি কৰা হ'ব ।

আনহাতে, এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ত্ৰিপুৰা উন্নয়নৰ দিশত আগবাঢ়িছে । লগতে ত্ৰিপুৰাৰ ৩৭ লাখ লোকৰ হৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জোতিৰাদিত্য সিন্ধিয়াক আগৰতলা বিমানবন্দৰৰ বাবে এই পৰিকল্পনা কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইট কৰাৰ কেইঘণ্টামান পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিমান পৰিবহণৰ ক্ষেত্ৰত ত্ৰিপুৰাক অধিক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এয়া এক সহযোগিতামূলক প্ৰচেষ্টা । লগতে বিপ্লৱ কুমাৰ দেৱক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ

ABOUT THE AUTHOR

...view details