অসম

assam

ETV Bharat / bharat

প্ৰকৃত শিৱসেনা সন্দৰ্ভত ২৭ ছেপ্টেম্বৰত ছুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত

প্ৰকৃত শিৱসেনা সন্দৰ্ভত ২৭ ছেপ্টেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰিব ছুপ্ৰিম কোৰ্টে (Supreme Court decision on real Shivsena) ।

By

Published : Sep 7, 2022, 12:27 PM IST

SC
SC

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ :আচল কোন, নকল কোন ? তাকে লৈ ছুপ্ৰিম কোৰ্টত শিৱসেনাৰ দুই গোটৰ আইনী যুদ্ধ । উদ্ধৱ থাকৰে বনাম একনাথ সিন্দে গোটৰ মাজত চলিছে প্ৰকৃত শিৱসেনাক লৈ টনা-আঁজোৰা (war between Uddhav and Eknath) । বিষয়টো ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ । সেই সন্দৰ্ভতে বুধবাৰে গোচৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ছুপ্ৰিম কোৰ্টে ।

উচ্চতম ন্যায়ালয়ে কয় যে(Supreme Court decision on real Shivsena) শিৱসেনাৰ উদ্ধৱ থাকৰে আৰু একনাথ সিন্দেৰ মাজৰ কোনটো গোটক 'প্ৰকৃত' শিৱসেনা দল হিচাবে স্বীকৃতি দিয়া হ'ব আৰু 'ধনু আৰু তীৰ'ৰ চিহ্ন আবণ্টন দিয়া হ'ব, সেয়া ভাৰতৰ নিৰ্বাচন আয়োগে (Election Commission of India) সিদ্ধান্ত ল'বলৈ আগবাঢ়িব লাগেনে নালাগে তাৰ ওপৰত ২৭ ছেপ্টেম্বৰত বিবেচনা কৰিব ।

ABOUT THE AUTHOR

...view details