অসম

assam

ETV Bharat / bharat

বুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি

বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ আবেদনৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে ৷ সোমবাৰে বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামী আৰু দুজনক অন্তৱৰ্তীকালিন জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰাৰ লগতে নিম্ন আদালতৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে ৷

By

Published : Nov 10, 2020, 10:41 PM IST

উচ্চতম ন্যায়ালয়
অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব বুধবাৰে

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ :বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ আবেদনৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে ৷

অধিবক্তা নিৰ্নিমেশ ডুবেৰ জৰিয়তে গোস্বামীয়ে এই সম্পৰ্কত মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই আৰক্ষী, কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্যসকলক জবাৱদিহি কৰিছে ৷

সোমবাৰে বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামী আৰু দুজনক অন্তৱৰ্তীকালিন জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰাৰ লগতে নিম্ন আদালতৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে ৷

উল্লেখ্য যে, 2018 চনৰ মে' মাহত আলিবাগত ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নায়কে আত্মহত্যা কৰিছিল আৰু এক ছুইচাইড নোটত গোস্বামীৰ পৰা লাভ কৰিবলগা ধন আদায় নিদিয়া বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পাচতে গোস্বামী আৰু আন দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৷

অৰ্ণৱ গোস্বামীয়ে গ্ৰেপ্তাৰৰ বিৰুদ্ধে যি প্ৰত্যাহ্বান জনাইছিল তাৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ে 7 নৱেম্বৰলৈ সংৰক্ষিত কৰি ৰাখিছিল ৷ যোৱা সপ্তাহত সেই গোচৰত তেওঁৰ সৈতে আন দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতে তেওঁলোকক এক নিম্ন আদালতৰ নিৰ্দেশত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷

8 নৱেম্বৰত গোস্বামীৰ ঘৰত মুম্বাই আৰক্ষী প্ৰৱেশ কৰি তেওঁৰ লগতে শাহুৱেক, শহুৰ, পুত্ৰ তথা পত্নীক শাৰিৰীকভাৱে অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৷

আত্মহত্যাৰ গোচৰটোৰ অন্ত পৰা বুলি 2019 চনত এক ৰিপোৰ্ট দাখিল কৰা হৈছিল ৷ কিন্তু নায়কৰ পত্নী অক্সতাই পুনৰ আদালতৰ কাষ চপাৰ লগতে নায়কৰ কন্যাই নতুনকৈ গোচৰ ৰুজু কৰাৰ ফলত এই বছৰৰ ছেপ্টেম্বৰত গোচৰটোৰ পুনৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখে ৷

লগতে পঢ়ক :হাথৰছ কাণ্ড : 25 নৱেম্বৰত ৰিপোৰ্ট দাখিল কৰিব চিবিআইয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details